Mission Paani: ৰাজস্থানৰ শ শ গাঁৱত পানীৰ সংকট দূৰ কৰা সংৰক্ষক আমলা ৰুইয়াৰ বিষয়ে জানো আহক

দেশত এনে বহু ঠাই আছে য’ত খোৱাপানীৰ সমস্যা অতি ভয়ংকৰ। এনে এক অঞ্চল হৈছে ৰাজস্থান, য’ত পানীৰ সংৰক্ষণৰ অতি প্ৰয়োজন।
দেশত এনে বহু ঠাই আছে য’ত খোৱাপানীৰ সমস্যা অতি ভয়ংকৰ। এনে এক অঞ্চল হৈছে ৰাজস্থান, য’ত পানীৰ সংৰক্ষণৰ অতি প্ৰয়োজন।
- News18 Assam
- Last Updated: January 20, 2021, 12:07 PM IST
উত্তৰ প্ৰদেশত জন্মগ্ৰহণ কৰি ডাঙৰ–দীঘল হোৱা আমলা ৰুইয়াই এই সমস্যাৰ বিষয়ে ভালকৈ অনুধাৱন কৰিব পাৰিছিল। ১৯৯৮ৰ ভয়ংকৰ খৰাঙৰ সৈতে যুঁজা ৰাজস্থানৰ ছবিয়ে উদ্বিগ্ন কৰি তুলিছিল আমলা ৰুইয়াক।
এই ছবিসমূহে তেওঁৰ মন–মগজুত এনেকৈ ক্ৰিয়া কৰিছিল যে ইয়াৰ পৰা পৰিত্ৰাণ কেনেকৈ পাব পাৰি তাৰ উদ্দেশ্যৰে তেওঁ আগুৱাই অহাৰ সিদ্ধান্ত গ্ৰহণ কৰে। এই লক্ষ্যৰে তেওঁ আকাৰ চেৰিটেবল ট্ৰাষ্ট প্ৰতিষ্ঠা কৰে আৰু এই ট্ৰাষ্টে ৰাজ্যখনক খৰাং পীড়িত এলেকাসমূহত কাম কৰি পানী সংৰক্ষণৰ অভিযানত ব্ৰতী হৈ আছে।
আমলাৰ ন্যায়ে ইয়াৰ লগতে ২০০৬চনৰ পৰা ২০১৮চনলৈ ৰাজস্থানত ৩১৭টা চেক ডাম নিৰ্মান কৰি ১৮২খন গাঁৱক উপকৃত কৰিছে। পানীৰ সমস্যা সমাধান হোৱা এই গাওঁসমূহত জীৱনশৈলীৰ উন্নতি হৈ দাৰিদ্ৰ্যৰ হাৰো যথেষ্ট নিম্নগামী হোৱা দেখা গৈছে। প্ৰায় ৪,৮২,৯০০ লোক আমলাৰ এই প্ৰয়াসৰ পৰা উপকৃত হৈছে।
এই প্ৰকল্পসমূহ সম্পূৰ্ণ কৰিবলৈ স্পনচৰে ১১কোটি টকা তথা ৪.৭কোটি টকা গাওঁবাসীয়ে অৰিহনা দিছে। এই বান্ধসমূহৰ কাৰণে গাঁৱৰ মহিলাই এতিয়া দূৰ–দূৰনিৰ পৰা পানী কঢ়িয়াই নানিলেও হয়। এই প্ৰয়াসে লগতে অঞ্চলসমূহত পশুপালন তথা খেতি–বাতিৰ ক্ষেত্ৰতো সুবিধা কৰিছে। আকাৰ ন্য়াসৰ মতে গাওঁবাসীয়ে এতিয়া বছৰেকত ৫০০ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। গাঁওবাসীয়ে এই সংৰচনাসমূহৰ চোৱা–চিতাৰ খৰছ বহন কৰে যিহেতু ইয়াৰ কাৰণেই তেওঁলোকৰ বেয়া দিনৰ অন্ত পৰিছে।
এই ন্যাসে লগতে ৰাজস্থানত মান সম্পন্ন শিক্ষা উপলব্ধ কৰাই আহিছে সামান্য খৰছত।