পানী সংৰক্ষণক লৈ উত্তৰ পূৱত বহু ধৰণৰ পৰম্পৰাগত প্ৰণালী ব্যৱহাৰ কৰা হয়। এই পৰম্পৰাগত প্ৰণালী ব্যৱহাৰ কৰাৰ ভিতৰত জাব’, চে অজি আৰু বাঁহৰ পাইপৰ জলসিঞ্চন অন্যতম।
পানী সংৰক্ষণক লৈ উত্তৰ পূৱত বহু ধৰণৰ পৰম্পৰাগত প্ৰণালী ব্যৱহাৰ কৰা হয়। এই পৰম্পৰাগত প্ৰণালী ব্যৱহাৰ কৰাৰ ভিতৰত জাব’, চে অজি আৰু বাঁহৰ পাইপৰ জলসিঞ্চন অন্যতম।
উত্তৰ–পূৱত বৰ্ষাকালত প্ৰচুৰ বান আৰু খৰালি মাহকেইটাত পানীৰ ভীষণ নাটনি দেখা যায়। জাব’ মানে হৈছে ‘বোঁৱতী পানীৰ পৰিবন্ধন’। নাগালেণ্ডৰ ফেক অঞ্চলত এই পানী সংৰক্ষণৰ ব্যৱস্থা প্ৰচলিত। পাহাৰীয়া ঠাইসমূহত পানী সংৰক্ষণৰ কাম অত্যন্ত দুৰূহ আৰু এই পৰম্পৰাগত প্ৰণালীৰে প্ৰত্যাহ্বান নেওচি পানী সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰা হয়। নদীৰ স্তৰৰ ওপৰত থকা গাঁৱসমূহত এই প্ৰণালীৰে জলসিঞ্চনৰ কাম কৰা হয়। পাহাৰৰ ওপৰত ঢাপ কাটি পুখুৰী সদৃশ সংৰচনাত বৰষুণৰ পানী সংৰক্ষণ কৰি তললৈ বিভিন্ন কাৰণত এই পানী বোৱাই নিয়া হয়। কৃষি কাৰ্য আৰু মাছ পালনৰ কাৰণে এই পানী ব্যৱহাৰ কৰা হয়।
এই পানী সংৰক্ষণ ব্যৱস্থা বনাঞ্চল সংৰক্ষণ, কৃষি কাৰ্য আৰু জীৱ–জন্তু পালন কৰিবলৈ ব্যৱহাৰ কৰা হয়। ইয়াক ৰুজা, প্ৰণালী বুলিও জনা হয়। বৰষুণৰ পানী অৰণ্যৰ পাহাৰত পৰে আৰু বাঁহৰ পাইপেৰে তলৰ পুখুৰীসদৃশ ঢাপসমূহত জমা হয়। এই পানীৰ সোঁত জীৱ–জন্তু পালন কৰা ঠাইৰ মাজেৰে বৈ যাওঁতে গোবৰ আদিৰ সৈতে মিহলি হৈ কৃষি পথাৰৰ পুখুৰীত পৰেগৈ। এই পানী পৰৱৰ্তী সময়ত মাছ পালন আৰু ঔষধি গছ আদিৰ গুৰিত ব্যৱহাৰ কৰা হয়।
বাঁহৰ জৰিয়তে কৰা জলসিঞ্চন আৰু চেঅ’–অ’জি প্ৰায় একেধৰনৰ পানী সংৰক্ষণৰ ব্যৱস্থা। জনজাতীয় কৃষকসকলে জলসিঞ্চনৰ এনে এক প্ৰণালী আৱিষ্কাৰ কৰিছে যাৰ জৰিয়তে ওপৰৰ পৰা বৈ অহা পানীৰ সোঁত পাহাৰৰ গাত ঢাপ কাটি কৰা পথাৰত বিভিন্ন আকৃতি আৰু প্ৰকাৰৰ বাঁহৰ পাইপেৰে আহি জমা হয়। কম পানীৰ প্ৰয়োজন হোৱা কৃষি শস্যৰ কাৰণে এই প্ৰণালী অতি উপযোগী। এই ব্যৱস্থাৰ জৰিয়তে পোনে পোনে উদ্ভিদৰ গুৰিত সৰু সৰু পানী টোপাল পেলোৱা হয়। এই প্ৰাচীন ব্যৱস্থাৰে খাচী আৰু জয়ন্তীয়া পাহাৰৰ কৃষকসকলে জালুকৰ খেতি কৰিছিল।
চেঅ’–অজি হৈছে নাগালেণ্ডৰ আংগামী গাঁৱৰ ৰাইজে ব্যৱহাৰ কৰা এক প্ৰণালী। মেজি নৈ খন এই অঞ্চলৰ মাজেৰে বৈ গৈছে। এই সকলো সংৰক্ষণৰ ব্যৱস্থা দুই শতিকাৰো অধিক পুৰণি। এই প্ৰণালীৰে পাহাৰীয়া জান–জুৰিৰ পৰা বৈ অহা পানী দীঘল পাইপৰ সহায়ত বিচৰা ধৰণে প্ৰয়োজন হোৱা দিশলৈ নি বেলেগ বেলেগ উচ্চতাৰ ভূমিত জলসিঞ্চনৰ কাৰণে ব্যৱহাৰ কৰা হৈছিল।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|