ৰাজস্থানৰ অলৱাৰ জিলাৰ পৰা সন্ধানহীন এগৰাকী মহিলাক ২৩ দিন পিছত উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। মহিলাগৰাকী হাৰিয়ানাৰ মানেছৰত সমকামী প্ৰেমিকাৰ সৈতে আছিল। আৰক্ষীয়ে দুয়োকে লৈ অলৱাৰত উপস্থিত হয় আৰু আদালতত হাজিৰ কৰোৱায়। আদালতত যেতিয়া মহিলাগৰাকীয়ে নিজকে সাবালক বুলি উল্লেখ কৰি নিজৰ প্ৰেমিকাৰ সৈতে থকাৰ কথা কয়, তেতিয়া আচৰিত হয় পৰিয়ালৰ লোক। থানাত সন্ধানহীন হোৱা বুলি এজাহাৰ দাখিল, আৰক্ষীয়ে উদ্ধাৰো কৰিলে, কিন্তু আদালতত হাজিৰ হোৱাৰ পিছত পুনৰ মানেছৰ গুছি যায় মহিলাগৰাকী। চাই থাকিল স্বামী পৰিয়ালৰ লোকসকল।
শ্বাহজাহানপুৰ থানাৰ এগৰাকী বিষয়াই কয় যে ২৩ দিন পূৰ্বে এগৰাকী বিবাহিতা মহিলা সন্ধানহীন হোৱাক লৈ এজাহাৰ দাখিল কৰিছিল। আৰক্ষীয়ে মহিলাগৰাকীক হাৰিয়ানাৰ মানেছৰৰ পৰা প্ৰেমিকাৰ সৈতে উদ্ধাৰ কৰে আৰু সোমবাৰে আদালতত হাজিৰ কৰোৱায়। মহিলাগৰাকীয়ে নিজকে সাবালক বুলি উল্লেখ কৰি নিজৰ ইচ্ছামতেই মানেছৰৰ যুৱতীগৰাকীৰ সৈতে থকাৰ ইচ্ছা প্ৰকাশ কৰে। তাৰ পিছতে দুয়ো মানেছৰলৈ উভতি যায়।
আৰক্ষীয়ে যেতিয়া যুৱতীগৰাকীৰ সন্ধানত হাৰিয়ানাত উপস্থিত হৈছিল তেতিয়া দুয়োগৰাকী যুৱতীৰ সম্পৰ্ক পোহৰলৈ আহে। সোধা–পোছাৰ অন্তত আৰক্ষীয়ে জানিব পাৰিলে যে বিবাহিতা মহিলাগৰাকীয়ে নিজৰ সমকামী প্ৰেমিকাৰ সৈতে থকাৰ বাবেই স্বামীগৃহ এৰি আহিছে। দুয়ো নিজৰ ইচ্ছামতে একেলগে বসবাস কৰিছিল।
সমকামী প্ৰেমিকাগৰাকীৰ সৈতে ৪–৫ বছৰৰ পৰা প্ৰেমৰ সম্পৰ্ক আছিল মহিলাগৰাকীৰ। মহিলাগৰাকীয়ে কয় যে বিয়াৰ পূৰ্বেই ঘৰত সমকামী প্ৰেমিকাৰ কথা কৈছিল। কিন্তু ঘৰৰ মানুহে বলপূৰ্বক বিয়া দিছিল মহিলাগৰাকীক। ১ জুনত মহিলাগৰাকীয়ে ঘৰৰ পৰা নিখোজ হোৱা বুলি স্বামীয়ে এজাহাৰ দাখিল কৰিছিল থানাত।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|