গৌতম গম্ভীৰ সন্ধানহীন! দিল্লীত পোষ্টাৰিং, কাহিনী কি?

News18-Assam
Updated:November 17, 2019, 12:48 PM IST
গৌতম গম্ভীৰ সন্ধানহীন! দিল্লীত পোষ্টাৰিং, কাহিনী কি?
চলিত সপ্তাহতে দিল্লীত প্ৰদূষণক লৈ এক বৈঠক হৈছিল। এই বৈঠকত সাংসদ গৌতম গম্ভীৰো উপস্থিত থকাৰ কথা আছিল, কিন্তু ইন্দোৰত আছিল গম্ভীৰ।

চলিত সপ্তাহতে দিল্লীত প্ৰদূষণক লৈ এক বৈঠক হৈছিল। এই বৈঠকত সাংসদ গৌতম গম্ভীৰো উপস্থিত থকাৰ কথা আছিল, কিন্তু ইন্দোৰত আছিল গম্ভীৰ।

  • News18 Assam
  • Last Updated: November 17, 2019, 12:48 PM IST
  • Share this:
ৰাজধানী দিল্লীত ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন সদস্য আৰু পূব দিল্লীৰ বিজেপি সাংসদ গৌতম গম্ভীৰ সন্ধানহীন হোৱাৰ পোষ্টাৰ দেখা গৈছে। এই পোষ্টাৰ ITO অঞ্চলত গছ আৰু দেৱালত অঁৰা হৈছে। পোষ্টাৰত লিখা হৈছে – ‘আপুনি গৌতম গম্ভীৰক ক’ৰবাত দেখিছে নেকি। শেষবাৰ তেওঁক ইন্দোৰত জেলেপী খাই থকা দেখা গৈছিল। তেতিয়াৰ পৰা সন্ধানহীন হৈ আছে। সমগ্ৰ দিল্লীয়ে তেওঁক বিচাৰি আছে।’

আচলতে, চলিত সপ্তাহতে দিল্লীত প্ৰদূষণক লৈ এক বৈঠক হৈছিল। এই বৈঠকত সাংসদ গৌতম গম্ভীৰো উপস্থিত থকাৰ কথা আছিল, কিন্তু ইন্দোৰত আছিল গম্ভীৰ। ভাৰত–বাংলাদেশৰ মাজৰ টেষ্ট মেচৰ কমেন্ট্রীৰ বাবে গৈছিল গম্ভীৰ। সেই উপলক্ষে প্ৰাক্তন ক্ৰিকেটাৰ লক্ষ্মণৰ সৈতে জেলেপী আৰু পোহা খোৱাৰ ফটো প্ৰকাশ পাইছিল।


তাৰ পিছতে আম আদমি পাৰ্টীয়ে গৌতম গম্ভীৰক প্ৰদূষণ সম্পৰ্কীয় বৈঠকত উপস্থিত নথকাক লৈ আক্ৰমণ কৰিছিল। আম আদমি পাৰ্টীয়ে গম্ভীৰৰ ওপৰত অভিযোগ তুলি কৈছিল যে প্ৰদূষণক লৈ ৰাজনীতি কৰাৰ কথা হ’লে গৌতম গম্ভীৰ সদায় আগত থাকে। কিন্তু প্ৰদূষণৰ পৰা পৰিত্ৰাণৰ উপায়ৰ ওপৰত হোৱা আলোচনালৈ নাহিল।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি