Cafe Coffee Dayৰ মালিক ভি জি সিদ্ধাৰ্থৰ মৃতদেহ উদ্ধাৰ

সোমবাৰে বেংগালুৰুৰ নেত্ৰাৱতী নদীৰ সমীপত নিখোজ হৈছিল সিদ্ধাৰ্থ।

News18-Assam
Updated:July 31, 2019, 8:09 AM IST
Cafe Coffee Dayৰ মালিক ভি জি সিদ্ধাৰ্থৰ মৃতদেহ উদ্ধাৰ
সোমবাৰে বেংগালুৰুৰ নেত্ৰাৱতী নদীৰ সমীপত নিখোজ হৈছিল সিদ্ধাৰ্থ।
News18-Assam
Updated: July 31, 2019, 8:09 AM IST
সোমবাৰৰ পৰা সন্ধানহীন হৈ থকা কেফে কফি ডে’ৰ মালিক ভি জি সিদ্ধাৰ্থৰ মৃতদেহ উদ্ধাৰ হৈছে। কৰ্ণাটকৰ নেত্ৰাৱতী নদীত উদ্ধাৰ হয় মৃতদেহ। কৰ্মচাৰীলৈ পত্ৰ লিখাৰ পিছতে নিখোজ হৈছিল সিদ্ধাৰ্থ। প্ৰাক্তন আয়কৰ বিষয়াই হাৰাশাস্তিৰ অভিযোগ পত্ৰত। কেফে কফি ডে’ৰ শ্বেয়াৰক লৈও সমস্যাত পৰিছিল সিদ্ধাৰ্থ। জটিল সময়ৰ সৈতে মোকাবিলাৰ কথা উল্লেখ কৰিছিল পত্ৰত।

সোমবাৰে বেংগালুৰুৰ নেত্ৰাৱতী নদীৰ সমীপত নিখোজ হৈছিল সিদ্ধাৰ্থ। তেওঁৰ সন্ধানত অভিযান অব্যাহত ৰাখিছিল আৰক্ষী আৰু ক’ষ্টগাৰ্ডৰ দলে। ভি জি সিদ্ধাৰ্থ কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এছ এম কৃষ্ণাৰ জোৱাঁই। ১৯৯৬ চনত বেংগালুৰুৰ ব্ৰিগেড ৰোডত কেফে কফি ডে’ৰ আৰম্ভণি কৰিছিল সিদ্ধাৰ্থই।

প্ৰথমে ইণ্টাৰনেট কেফেৰ সৈতে কফিৰ ব্যৱসায় আৰম্ভ কৰিছিল সিদ্ধাৰ্থই। ইণ্টাৰনেটৰ সৈতে কফিৰ আমেজ নতুন প্ৰজন্মৰ মাজত বিশেষ জনপ্ৰিয়তা লাভ কৰিছিল। পিছত কাফে কফি ডে’ই নিজৰ ব্যৱসায় দেশজুৰি সম্প্ৰসাৰৰ সিদ্ধান্ত লৈছিল। প্ৰথম ৫ বছৰত কিছুসংখ্যক কেফে খোলাৰ পিছত আজি Cafe Coffee Day দেশৰ ভিতৰতে জনপ্ৰিয় আৰু সৰ্ববৃহৎ কফিৰ খুচুৰা ব্যৱসায় হিচাপে পৰিগণিত হৈছে। বৰ্তমান দেশৰ ২৪৭খন চহৰত Cafe Coffee Dayৰ ১৭৫৮খন কেফে আছে।
আৰু চাওক পৰৱৰ্তী বাতৰি