দোকান বন্ধ কৰি ঘৰলৈ উভতাৰ পথতে চনু কুমাৰলৈ লক্ষ্য কৰি কেইবাজাইয়ো গুলীচালনা কৰে তিনিজনীয়া সন্ত্ৰাসবাদীৰ দলটোৱে।
দোকান বন্ধ কৰি ঘৰলৈ উভতাৰ পথতে চনু কুমাৰলৈ লক্ষ্য কৰি কেইবাজাইয়ো গুলীচালনা কৰে তিনিজনীয়া সন্ত্ৰাসবাদীৰ দলটোৱে।
কাশ্মিৰী পণ্ডিতৰ ওপৰত বিগত সময়ছোৱাত হোৱা নিৰ্যাতনৰ বিষয়ে সামৰি নিৰ্মান হোৱা ছবি ‘দ্য কাশ্মীৰ ফাইলছ’ৰ ওপৰত বিতৰ্ক চলি থকাৰ সময়তে পুনৰ কাশ্মিৰী পণ্ডিতক হত্যাৰ চেষ্টাৰে আক্ৰমণ কৰা হ'ল জম্মু-কাশ্মীৰৰ শ্ব'পিয়ানত।
শ্ব'পিয়ানৰ হাৰমেন এলেকাত ঔষধৰ দোকান চলাই জীৱন নিৰ্বাহ কৰা চনু কুমাৰ নামৰ এগৰাকী কাশ্মিৰী পণ্ডিতৰ ওপৰত সোমবাৰে নিশা সন্ত্ৰাসবাদীয়ে নিৰ্বিচাৰে গুলীচালনা কৰে। দোকান বন্ধ কৰি ঘৰলৈ উভতাৰ পথতে চনু কুমাৰলৈ লক্ষ্য কৰি কেইবাজাইয়ো গুলীচালনা কৰে তিনিজনীয়া সন্ত্ৰাসবাদীৰ দলটোৱে।
পেট, ভৰি আৰু হাতত গুলী লগা চনু কুমাৰক লগে লগে শ্ব'পিয়ান জিলা অসামৰিক চিকিৎসালয়ত অতি সংকটজনক অৱস্থাত ভৰ্তি কৰা হৈছে। এই ঘটনাৰ পিছতে সেনা-আৰক্ষীয়ে সমগ্ৰ অঞ্চলটো ঘেৰি তালাচী অভিযান চলাইছে যদিও বৰ্তমানলৈকে সন্ত্ৰাসবাদীৰ দলটোৰ কোনো সম্ভেদ লাভ কৰা নাই নিৰাপত্তাৰক্ষীয়ে। উল্লেখযোগ্য যে সোমবাৰে দিনৰ ভাগতো চিআৰপিএফৰ এটা দলক পুলৱামত সন্ত্ৰাসবাদীয়ে গুলীচালনা কৰিছিল।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|