তিনি বছৰীয়া শিশুক অপহৰণ কৰি জীৱন্তে পুতি থ’লে অপহৰণকাৰীয়ে, সৌভাগ্যক্ৰমে ৰক্ষা পৰিল জীৱন

News18 Assam | News18-Assam
Updated:February 10, 2020, 8:34 AM IST
তিনি বছৰীয়া শিশুক অপহৰণ কৰি জীৱন্তে পুতি থ’লে অপহৰণকাৰীয়ে, সৌভাগ্যক্ৰমে ৰক্ষা পৰিল জীৱন
শিশুটিৰ ডিঙিত চোকা অস্ত্ৰৰ আঘাতৰ চিন আছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।

শিশুটিৰ ডিঙিত চোকা অস্ত্ৰৰ আঘাতৰ চিন আছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।

  • Share this:
এটি তিনি বছৰীয়া শিশুক অপহৰণ কৰি জীৱন্তে পুতি থ’লে অপহৰণকাৰীয়ে। এই ঘটনা সংঘটিত হৈছে ৰাজস্থানৰ চুৰু জিলাৰ ছৰ্দাৰ চহৰ অঞ্চলত। সৌভাগ্যক্ৰমে এই ঘটনা স্থানীয় লোকে গম পাই সময় থাকোতেই শিশুটিক গাঁত খান্তি উদ্ধাৰ কৰে। ততাতৈয়াকৈ শিশুটিক ভৰ্তি কৰোৱা হয় হাস্পতালত। বৰ্তমান চিকিৎসাধীন হৈ আছে শিশুটি। শিশুটিৰ ডিঙিত চোকা অস্ত্ৰৰ আঘাতৰ চিন আছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।

স্থানীয় লোকে জনোৱা অনুসৰি, এজন অচিনাক্ত লোকে পুৱাৰে পৰা অঞ্চলটোত ঘূৰি ফুৰিছিল। খেলি থকা কেইটামান শিশুৰ মাজৰ পৰা এটি তিনি বছৰীয়া শিশুক অপহৰণ কৰে লোকজনে। কিছু দূৰত শিশুটিক জীৱন্তে পুতি থৈ পলায়ন কৰে লোকজনে। সেই সময়তে এগৰাকী মহিলাই শিশুটিয়ে কান্দি থকা শুনি একাংশ স্থানীয় লোকক খবৰ দিয়ে। ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় লোকে শিশুটিক উদ্ধাৰ কৰি হাস্পতালত ভৰ্তি কৰায়।
আৰু চাওক
পৰৱৰ্তী বাতৰি