ঘৰৰ পৰা অপহৰণ কৰি নি অষ্টম শ্ৰেণীৰ ছাত্ৰীক দলবদ্ধ বলৎকাৰ, অভিযুক্তৰ ধমক – কেছ কৰিলে জ্বলাই দিম

News18 Assam | News18-Assam
Updated:December 26, 2019, 10:56 AM IST
ঘৰৰ পৰা অপহৰণ কৰি নি অষ্টম শ্ৰেণীৰ ছাত্ৰীক দলবদ্ধ বলৎকাৰ, অভিযুক্তৰ ধমক – কেছ কৰিলে জ্বলাই দিম
বলাৎকাৰৰ পিছত অভিযুক্তকেইজনে এজন বন্ধুৰ সৈতে গাড়ীত পঠিয়াই দিয়ে কিশোৰীগৰাকীক।

বলাৎকাৰৰ পিছত অভিযুক্তকেইজনে এজন বন্ধুৰ সৈতে গাড়ীত পঠিয়াই দিয়ে কিশোৰীগৰাকীক।

  • News18 Assam
  • Last Updated: December 26, 2019, 10:56 AM IST
  • Share this:
বিহাৰৰ পূব চম্পাৰণত সংঘটিত হৈছে এক জঘন্য ঘটনা। এগৰাকী অষ্টম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীক চাৰি লম্পটে ঘৰৰ পৰা অপহৰণ কৰি নি দলবদ্ধভাৱে বলাৎকাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। ভুক্তভোগী কিশোৰীগৰাকী বৰ্তমান চিকিৎসাধীন।

ভুক্তভোগী কিশোৰীগৰাকীয়ে আৰক্ষীৰ আগত কয় যে চাৰিজন যুৱকে ঘৰৰ পৰা অপহৰণ কৰি নি দলবদ্ধ বলাৎকাৰ কৰে। গাঁৱৰে তিনিজন যুৱকে ঘৰৰ পৰা অপহৰণ কৰি নিয়ে কিশোৰীগৰাকীক। বলাৎকাৰৰ পিছত অভিযুক্তকেইজনে এজন বন্ধুৰ সৈতে গাড়ীত পঠিয়াই দিয়ে কিশোৰীগৰাকীক। তিনি লম্পটৰ পিছত গাড়ীচালকজনেও গাড়ীতে বলাৎকাৰ কৰে কিশোৰীগৰাকীক। তাৰ পিছত বেটিয়াৰ সমীপত এৰি থৈ যায় কিশোৰীগৰাকীক। পিছত এই ঘটনা পোহৰলৈ অহাত অভিযুক্ত যুৱককেইজনে গোচৰ দিলে পৰিয়ালটোক জ্বলাই হত্যা কৰাৰ ভাবুকি দিয়ে।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি