নাইট পাৰ্টীত আৰক্ষীৰ অতৰ্কিত অভিযান, সুৰাত মগন নাবালক–নাবালিকা, আয়োজকক আটক

ফ্ৰেঞ্চ ডি জেৰ নামত আয়োজন কৰা হৈছিল এই পাৰ্টীৰ। যাৰ বাবে ছচিয়েল মিডিয়াৰ জৰিয়তে জনোৱা হৈছিল আমন্ত্ৰণ।

news18assam
Updated:June 9, 2019, 2:08 PM IST
নাইট পাৰ্টীত আৰক্ষীৰ অতৰ্কিত অভিযান, সুৰাত মগন নাবালক–নাবালিকা, আয়োজকক আটক
ফ্ৰেঞ্চ ডি জেৰ নামত আয়োজন কৰা হৈছিল এই পাৰ্টীৰ। যাৰ বাবে ছচিয়েল মিডিয়াৰ জৰিয়তে জনোৱা হৈছিল আমন্ত্ৰণ।
news18assam
Updated: June 9, 2019, 2:08 PM IST
ৰাজধানী দিল্লাত শনিবাৰে নিশা এটা নাইট পাৰ্টীত অতৰ্কিতে অভিযান চলায় আৰক্ষীয়ে। আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ বিলাতী সুৰাৰ লগতে আপত্তিজনক সামগ্ৰী। নাবালক–নাবালিকাসহ প্ৰায় ৬০০ লোক উপস্থিত আছিল নৈশপাৰ্টীত। ঘটনাটো দক্ষিণ দিল্লীৰ ছটৰপুৰ অঞ্চলৰ। খবৰ লাভ কৰাৰ পিছতে দিল্লী আৰক্ষী আৰু আবকাৰী বিভাগে অতৰ্কিতে অভিযান চলায় উক্ত নৈশপাৰ্টীত। প্ৰায় ৬০০ লোক উপস্থিত থকা পাৰ্টীটোত আছিল বহুসংখ্যক নাবালক–নাবালিকা।

ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে জব্দ কৰে বহু পৰিমাণৰ বিলাতী সুৰাৰ লগতে সন্দেহজনক সামগ্ৰী। ফ্ৰেঞ্চ ডি জেৰ নামত আয়োজন কৰা হৈছিল এই পাৰ্টীৰ। যাৰ বাবে ছচিয়েল মিডিয়াৰ জৰিয়তে জনোৱা হৈছিল আমন্ত্ৰণ।

আৰক্ষীৰ সূত্ৰ অনুসৰি, পাৰ্টীৰ বাবে আয়োজকে সুৰাৰ অনুমতিপত্ৰ লৈছিল যদিও অনুমতিতকৈ অধিক সুৰা যোগান ধৰা হৈছিল। পাৰ্টীৰ আয়োজকক ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে। এটা কেফেৰ ভিতৰত আয়োজন কৰা হৈছিল এই পাৰ্টীৰ। যাৰ বাবে আবকাৰী বিভাগৰ পৰা অনুমতিও লৈছিল। অভিযানত উদ্ধাৰ হোৱা সন্দেহজনক সামগ্ৰীৰ ভিতৰত আছে বহুসংখ্যক টেবলেট।
আৰু চাওক পৰৱৰ্তী বাতৰি