ঘৰত অকলে শুই থকা কিশোৰীক দলবদ্ধ বলাৎকাৰ, ঘটনা ফাদিল হোৱাৰ ভয়ত ইটাৰে মৰিয়াই হত্যা

দুৰ্বৃত্তকেইটাক দেখি ছাত্ৰীগৰাকীয়ে চিঞৰ–বাখৰ কৰিছিল যদিও নিশা টোপনিৰ পৰা সাৰ পোৱা নাছিল কোনো ওচৰ–চুবুৰীয়া। তাৰ পিছতে ছাত্ৰীগৰাকীৰ ওপৰত জঁপিয়াই পৰিছিল চাৰি দুৰ্বৃত্ত।

News18-Assam
Updated:October 10, 2019, 9:56 AM IST
ঘৰত অকলে শুই থকা কিশোৰীক দলবদ্ধ বলাৎকাৰ, ঘটনা ফাদিল হোৱাৰ ভয়ত ইটাৰে মৰিয়াই হত্যা
দুৰ্বৃত্তকেইটাক দেখি ছাত্ৰীগৰাকীয়ে চিঞৰ–বাখৰ কৰিছিল যদিও নিশা টোপনিৰ পৰা সাৰ পোৱা নাছিল কোনো ওচৰ–চুবুৰীয়া। তাৰ পিছতে ছাত্ৰীগৰাকীৰ ওপৰত জঁপিয়াই পৰিছিল চাৰি দুৰ্বৃত্ত।
News18-Assam
Updated: October 10, 2019, 9:56 AM IST
বিহাৰৰ মছৌৰীৰ কৰৰিয়া গাঁৱত মঙলবাৰে নিশা সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। ঘৰত অকলে শুই থকা এগৰাকী ১৬ বছৰীয়া কিশোৰীক দলবদ্ধ বলাৎকাৰ কৰে দুৰ্বৃত্তৰ এটা দলে। ঘটনা ফাদিল হোৱাৰ ভয়ত দলবদ্ধ বলাৎকাৰৰ পিছতে ইটাৰে মৰিয়াই হত্যা কৰে কিশোৰীগৰাকীক। ঘটনাটো মঙলবাৰৰ নিশাৰ যদিও পোহৰলৈ আহে বুধবাৰেহে।

আৰক্ষীয়ে সদৰি কৰা অনুসৰি, যিসময়ত এই ঘটনা সংঘটিত হৈছিল সেই সময়ত ছাত্ৰীগৰাকী ঘৰত অকলে আছিল। কিশোৰীগৰাকীৰ মাতৃ চিকিৎসাৰ বাবে মাতৃগৃহলৈ গৈছিল। মাতৃগৃহলৈ যোৱাৰ পূৰ্বে ছাত্ৰীগৰাকীৰ মাতৃয়ে এগৰাকী মহিলাক তাইক চোৱাচিতা কৰিবলৈ দায়িত্ব দি গৈছিল।

বুধবাৰে পুৱা ঘটনাটো পোহৰলৈ অহাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী। স্থানীয় লোকে ঘটনাৰ উচিত বিচাৰৰ দাবীত মৃতদেহ উদ্ধাৰত বাধা প্ৰদান কৰে। পিছত আৰক্ষীয়ে ডগ স্কোৱাড আৰু এফ এছ এলৰ দল মাতি তদন্ত আৰম্ভ কৰে। ডগ স্কোৱাডৰ সহায়ত অভিযুক্তক চিনাক্ত কৰিবলৈ সক্ষম হয় আৰক্ষী। অভিযুক্তৰ ঘৰৰ পৰা কাপোৰ আৰু জোতা উদ্ধাৰ কৰা হৈছে।

আৰক্ষীয়ে জনোৱা অনুসৰি, ধৃত অভিযুক্ত অঞ্জনী কুমাৰ, ছোটন সাৱ, অখিলেশ কুমাৰ আৰু সতীশ কুমাৰে চিৰিৰ সহায়ত ছাত্ৰীগৰাকীৰ ঘৰৰ ছাঁদত উঠি ভিতৰত প্ৰৱেশ কৰে। দুৰ্বৃত্তকেইটাক দেখি ছাত্ৰীগৰাকীয়ে চিঞৰ–বাখৰ কৰিছিল যদিও নিশা টোপনিৰ পৰা সাৰ পোৱা নাছিল কোনো ওচৰ–চুবুৰীয়া। তাৰ পিছতে ছাত্ৰীগৰাকীৰ ওপৰত জঁপিয়াই পৰিছিল চাৰি দুৰ্বৃত্ত।

এই জঘন্য কাণ্ড সংঘটিত কৰাৰ পিছত চাৰি দুৰ্বৃত্তই ঘটনাটো পোহৰলৈ অহাৰ ভয়ত হত্যা কৰে কিশোৰীগৰাকীক। ইটাৰে মূৰত মৰিয়াই নৃশংসভাৱে হত্যা কৰাৰ পিছত সেই স্থানৰ পৰা পলায়ন কৰে চাৰি দুৰ্বৃত্তই।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি