৫০০০ টকাৰ বাবে কণমানি শিশুক নৃশংসভাৱে হত্যা, উলিয়াই পেলালে চকু

৩১ মে’ত শিশুটি নিৰুদ্দেশ হোৱা বুলি এক এজাহাৰ দাখিল কৰিছিল পৰিয়ালে। তাৰ ৫ দিন পিছতে ঘৰৰ পৰা কিছুদূৰ নিলগতে উদ্ধাৰ হয় কণমানিটিৰ মৃতদেহ।

news18assam
Updated:June 7, 2019, 8:23 AM IST
৫০০০ টকাৰ বাবে কণমানি শিশুক নৃশংসভাৱে হত্যা, উলিয়াই পেলালে চকু
৩১ মে’ত শিশুটি নিৰুদ্দেশ হোৱা বুলি এক এজাহাৰ দাখিল কৰিছিল পৰিয়ালে। তাৰ ৫ দিন পিছতে ঘৰৰ পৰা কিছুদূৰ নিলগতে উদ্ধাৰ হয় কণমানিটিৰ মৃতদেহ।
news18assam
Updated: June 7, 2019, 8:23 AM IST
উত্তৰ প্ৰদেশৰ আলীগড়ত সংঘটিত হৈছে এক অতি নৃশংস ঘটনা। এটি আঢ়ৈ বছৰীয়া কন্যা শিশুক ডিঙি চেপি নৃশংসভাৱে হত্যা কৰি হত্যাকাৰীয়ে উলিয়াই পেলালে চকু। শিশুটিৰ হাতো মুচৰি ভাঙিছিল লম্পট হত্যাকাৰীয়ে। মাত্ৰ ৫ হাজাৰ টকাৰ ঋণক লৈ পৰিয়ালৰ সৈতে হোৱা কাজিয়াৰ ফলতে নৃশংসভাৱে হত্যা কৰা হয় শিশুটিক। টাপ্পল অঞ্চলত কুকুৰে ভক্ষণ কৰি থকা অৱস্থাত স্থানীয় লোকে প্ৰত্যক্ষ কৰে শিশুটিৰ মৃতদেহ।

ঘটনা সন্দৰ্ভত ৰুজু হোৱা গোচৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুজনক। আৰক্ষীৰ জেৰাত গ্ৰেপ্তাৰ হোৱা দুই অভিযুক্তই স্বীকাৰ কৰিছে এই জঘন্য হত্যাকাণ্ডৰ কথা। ANIৰ সূত্ৰ অনুসৰি, পাৰিবাৰিক কন্দলৰ পৰিণতিতে সংঘটিত হয় এই ঘটনা। মৃতদেহত বলাৎকাৰৰ কোনো চিন নাই বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে। ডিঙি চেপি শিশুটিক নৃশংসভাৱে হত্যা কৰা হয় আৰু চকু উলিয়াই পেলায় হত্যাকাৰীয়ে। দুই অভিযুক্তক ইতিমধ্যে প্ৰেৰণ কৰা হৈছে জে’ললৈ।

উল্লেখযোগ্য যে ৩১ মে’ত শিশুটি নিৰুদ্দেশ হোৱা বুলি এক এজাহাৰ দাখিল কৰিছিল পৰিয়ালে। তাৰ ৫ দিন পিছতে ঘৰৰ পৰা কিছুদূৰ নিলগতে উদ্ধাৰ হয় কণমানিটিৰ মৃতদেহ। টাইমছ নাওৰ খবৰ অনুসৰি, অভিযুক্তৰ পৰা শিশুটিৰ পৰিয়ালে ৫ হাজাৰ টকা ঋণ লৈছিল। তাকে লৈ শিশুটিৰ ককাক আৰু খুড়াকৰ সৈতে হোৱা কাজিয়াৰ পিছতে এই নৃশংস হত্যাকাণ্ড সংঘটিত কৰে হত্যাকাৰীয়ে।
আৰু চাওক পৰৱৰ্তী বাতৰি