মুখ্যপৃষ্ঠা »খবৰ »দেশ »নিউজ চেনেলৰ TRP ৰেটিং প্ৰকাশৰ নিৰ্দেশ কেন্দ্ৰৰ, BARC-এ পুনৰ প্ৰকাশ কৰিব ৰেটিং পইণ্ট

নিউজ চেনেলৰ TRP ৰেটিং প্ৰকাশৰ নিৰ্দেশ কেন্দ্ৰৰ, BARC-এ পুনৰ প্ৰকাশ কৰিব ৰেটিং পইণ্ট

Lavc55.18.102

Lavc55.18.102

বিগত কেইবামাহ ধৰি বন্ধ হৈ থকা টেলিভিছন ৰেটিং পইণ্ট অর্থাৎ টিআৰপি পুনৰ প্ৰকাশ কৰিব Broadcast Audience Research Council চমুকৈ বাৰ্কে।

  • Share this:
ভুৱা টিআৰপি কেলেংকাৰিৰ বাবে দীৰ্ঘদিন ধৰি বন্ধ হৈ আছিল নিউজ চেনেলৰ টিআৰপি ৰেটিং। নিউজ চেনেল এটাই ৰেংক তালিকাত কিমান নম্বৰ স্থান লাভ কৰিছে, বাৰ্ক (BARC, Broadcast Audience Research Council)ৰ সেই ৰেটিং পইণ্ট দীৰ্ঘদিন ধৰি বন্ধ কৰি দিয়া হৈছিল। এতিয়া বিগত কেইবামাহ ধৰি বন্ধ হৈ থকা টেলিভিছন ৰেটিং পইণ্ট অর্থাৎ টিআৰপি পুনৰ প্ৰকাশ কৰিব Broadcast Audience Research Council চমুকৈ বাৰ্কে। এতিয়াৰে পৰা মাহেকীয়া হিচাপত প্ৰকাশ পাব টিআৰপি। তদুপৰি বিগত প্ৰকাশ নোপোৱা মাহকেইখনৰো টিআৰপি ঘোষণা কৰা হ'ব। (MIB asks BARC to resume TV Ratings for News Channels)।

আজি বুধবাৰে কেন্দ্ৰই জানিবলৈ দিয়ে যে ব্ৰডকাষ্ট অডিয়েন্স ৰিচাৰ্ছ কাউন্সিল বা বাৰ্কে এতিয়াৰ পৰা দেশৰ নিউজ চেনেলৰ টিআৰপিৰ (News Channel TRP) প্ৰতিবেদন দিব। বাৰ্কে যোৱা তিনি মাহৰ বাতৰি চেনেলসমূহৰ টিআৰপি প্ৰতিবেদন মুকলি কৰিব বুলিও কোৱা হৈছে।

উল্লেখ্য, যোৱা বছৰ অক্টোবৰত দেশজুৰি বিতৰ্কৰ পিছত তথ্য সম্প্ৰচাৰ মন্ত্ৰালয়ে ব্ৰডকাষ্ট অডিয়েন্স ৰিচাৰ্ছ কাউন্সিল বা বিএআৰচি নিউজ চেনেলৰ টিআৰপি প্ৰতিবেদন প্ৰকাশ কৰা বন্ধ কৰে।

ফলস্বৰূপে, যদিও এতিয়ালৈকে মনোৰঞ্জন, চিনেমা, ক্ৰীড়া আৰু শিশু চেনেলৰ টিআৰপি পইণ্ট জনা গৈছে, ভাৰতৰ যিকোনো নিউজ চেনেলৰ ৰেটিং পইণ্ট কি? সাপ্তাহিক ৰেটিং কিমান? কিমানটা নিউজ চেনেলক ৰেংক তালিকাত স্থান দিয়া হৈছে সেয়া জনা হোৱা নাছিল৷ কেন্দ্ৰই অৱশেষত BARCক দেশৰ নিউজ চেনেলসমূহৰ ৰেটিং পইণ্টসমূহ পুনৰ প্ৰকাশ কৰিবলৈ কৈছে।

শেহতীয়া বাতৰি