ভাৰতীয় নে ব্ৰিটিশ নাগৰিক? ৰাহুল গান্ধীক ১৫দিনৰ ভিতৰত উত্তৰ দিয়াৰ নিৰ্দেশ গৃহ মন্ত্ৰণালয়ৰ

সুব্ৰমণিয়ন স্বামীয়ে অভিযোগ দাখিল কৰাৰ পিছতে গৃহ মন্ত্ৰণালয়ে মঙলবাৰে জাননী পঠাই ৰাহুল গান্ধীৰ পৰা ভাৰতীয় নাগৰিক হোৱাৰ স্পষ্টীকৰণ বিচাৰিছে।

news18assam
Updated:April 30, 2019, 1:52 PM IST
ভাৰতীয় নে ব্ৰিটিশ নাগৰিক? ৰাহুল গান্ধীক ১৫দিনৰ ভিতৰত উত্তৰ দিয়াৰ নিৰ্দেশ গৃহ মন্ত্ৰণালয়ৰ
ফাইল ফটো
news18assam
Updated: April 30, 2019, 1:52 PM IST
কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীৰ ভাৰতীয় নাগৰিক হয় নে নহয় এই সন্দৰ্ভত প্ৰশ্ন উত্থাপন হোৱাৰ পিছতে গৃহ মন্ত্ৰণালয়ে মঙলবাৰে জাননী পঠাই ৰাহুল গান্ধীৰ পৰা ভাৰতীয় নাগৰিক হোৱাৰ স্পষ্টীকৰণ বিচাৰিলে। বিজেপি নেতা সুব্ৰমণিয়ন স্বামীয়ে সোমবাৰে ৰাহুলৰ নাগৰিকতা আৰু শিক্ষাগত অৰ্হতাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি গৃহ মন্ত্ৰণালয়ক পত্ৰ পঠাইছিল, ইয়াৰ পিছতে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে জাৰি কৰিছে নিৰ্দেশনা।

গৃহ মন্ত্ৰণালয়ে জাৰি কৰা নিৰ্দেশনাত ৰাহুল গান্ধীক এই সন্দৰ্ভত তথ্য উপস্থাপন কৰিবলৈ কোৱা হৈছে। ১৫ দিনৰ ভিতৰত উত্তৰ দিব লাগিব গান্ধীয়ে। স্বামীয়ে ৰাহুলৰ নাগৰিকতাৰ ওপৰত সন্দেহ প্ৰকাশ কৰি গৃহ মন্ত্ৰণালয়ক এই সন্দৰ্ভত অভিযোগ দাখিল কৰিছিল। স্বামীয়ে পত্ৰত ৰাহুল বিদেশী নাগৰিক হোৱাৰ দাবী কৰিছে।



সুব্ৰমণিয়ন স্বামীৰ এটা গম্ভীৰ প্ৰশ্ন উত্থাপন
বিজেপি নেতা স্বামীয়ে গৃহ মন্ত্ৰণালয়ক ৰাহুল গান্ধীৰ নাগৰিকতা সন্দৰ্ভত দুবাৰ পত্ৰ প্ৰেৰণ কৰিছে। ২১ ডিচেম্বৰ ২০১৭ৰ পিছত স্বামীয়ে ২৯ এপ্ৰিল ২০১৯ চনটো পত্ৰ লিখি গৃহ মন্ত্ৰণালয়ক এই সন্দৰ্ভত তদন্তৰ আহ্বান জনাইছিল।
আৰু চাওক পৰৱৰ্তী বাতৰি