• Home
  • »
  • News
  • »
  • nation
  • »
  • বিদেশৰ পৰা আহিবলগীয়া সকলৰ বাবে বিশেষ গাইডলাইন, নিজৰ খৰচতে থাকিব লাগিব কোৱাৰেণ্টাইন চেণ্টাৰত

বিদেশৰ পৰা আহিবলগীয়া সকলৰ বাবে বিশেষ গাইডলাইন, নিজৰ খৰচতে থাকিব লাগিব কোৱাৰেণ্টাইন চেণ্টাৰত

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰণালয়ঃ জাৰি কৰা গাইডলাইন অনুসৰি বিদেশৰ পৰা উভতি আহিবলগীয়া সকলে ১৪ দিন কোৱাৰেণ্টাইনত তাকিব লাগিব।

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰণালয়ঃ জাৰি কৰা গাইডলাইন অনুসৰি বিদেশৰ পৰা উভতি আহিবলগীয়া সকলে ১৪ দিন কোৱাৰেণ্টাইনত তাকিব লাগিব।

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰণালয়ঃ জাৰি কৰা গাইডলাইন অনুসৰি বিদেশৰ পৰা উভতি আহিবলগীয়া সকলে ১৪ দিন কোৱাৰেণ্টাইনত তাকিব লাগিব।

  • Share this:
সোমবাৰৰ পৰা দেশত ঘৰুৱা বিমান সেৱা আৰম্ভ হ’ব। অনুমান কৰিব পাৰি যে অতি সোনকালে আন্তঃৰাষ্ট্ৰীয় বিমান সেৱাও আৰম্ভ হ’ব। কেন্দ্ৰীয় মন্ত্ৰী হৰদ্বীপ সিং পুৰীয়ে কয় যে, ‘সকলো যদি ঠিকে থাকে তেন্তে আগষ্ট-ছেপ্তেম্বৰ মাহৰ আগতেই আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা আৰম্ভ হ’ব।

এতিয়া কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰণালয়ে বিদেশৰ পৰা উভতি আহিবলগীয়া সকলৰ বাবে জাৰি কৰিছে বিশেষ গাইড লাইন।

  • গাইড লাইন অনুসৰি বিদেশৰ পৰা উভতি অহা সকলে ১৪ দিন কোৱাৰেণ্টাইনত থাকিব লাগিব।

  • প্ৰথম ৭ দিন চৰকাৰৰ তৰফৰ পৰা কৰোৱা হ’ব। য’ত সকলো খৰচ নিজে কৰিব লাগিব। আনহাতে বাকী ৭ দিন ঘৰতে কোৱাৰেণ্টাইন হ’ব লাগিব।

  • কিছু চৰ্ত অনুসৰি ১৪ দিন হোম কোৱেণ্টাইনৰো অনুমতি দিব পাৰে। গুৰুতৰ স্বাস্থ্যজনীত সমস্যাত ভুগা সকলক ইয়াৰ বাবে অনুমতি দিয়া হ’ব। কিন্তু তেনে লোকেও আৰোগ্য সেতু এপ ডাউনলোড কৰাটো বাধ্যতামূলক।

  • এই আটাইবোৰ চৰ্ত বিমান, জাহাজ, বাছৰে আহিবলগীয়া সকলো যাত্ৰীৰ বাবেই প্ৰযোজ্য হ’ব।

  • কোৰোণা পজিটিভ বা লক্ষণে দেখা দিলে কোনো যাত্ৰীকে উপৰুক্ত অনুমতি প্ৰদান কৰা নহ’ব।

  • ৰাজ্য চৰকাৰেও বিদেশৰ পৰা উভতি আহিবলগীয়া যাত্ৰীই বাবে পৃথকে গাইডলাইন প্ৰস্তুত কৰিব পাৰিব।

  • দেশ উভতাৰ পিছত যাত্ৰীসকলৰ থাৰ্মেল স্ক্ৰীণিং কৰা হ’ব। কোৰোণাৰ লক্ষণে দেখা দিলে লগে লগে চিকিত্‍সালয়ত ভৰ্তি কৰা হ’ব।

  • সাধৰাণ লক্ষণে দেখা দিলে কোৱাৰেণ্টাইন চেণ্টাৰলৈ পঠিওৱা হ’ব।

  • গুৰুতৰ লক্ষণে দেখা দিলে লগে লগে কোৰোণাৰ স্পেচিয়েল ৱাৰ্ডত ভৰ্তি কৰোৱা হ’ব।

First published: