• Home
  • »
  • News
  • »
  • nation
  • »
  • সুখবৰ! দেশৰ প্ৰতিটো অনলাইন পোষ্ট অফিচ পাছপ'ৰ্ট সেৱা কেন্দ্ৰত আৰক্ষীৰ অনুমতি প্ৰমাণপত্ৰৰ বাবে আৱেদনৰ ব্যৱস্থা

সুখবৰ! দেশৰ প্ৰতিটো অনলাইন পোষ্ট অফিচ পাছপ'ৰ্ট সেৱা কেন্দ্ৰত আৰক্ষীৰ অনুমতি প্ৰমাণপত্ৰৰ বাবে আৱেদনৰ ব্যৱস্থা

ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে নাগৰিকসকললৈ পাছপ'ৰ্ট সম্বন্ধীয় সেৱা উন্নত কৰাৰ বাবে এক নতুন পদক্ষেপ গ্ৰহণ কৰিছে।

  • Share this:
দেশৰ পাছপৰ্ট সেৱা সংক্ৰান্তত এক বিশেষ খবৰ। ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে নাগৰিকসকললৈ পাছপ'ৰ্ট সম্বন্ধীয় সেৱা উন্নত কৰাৰ বাবে এক নতুন পদক্ষেপ গ্ৰহণ কৰিছে। সেইমৰ্মে আৰক্ষীৰ অনুমতি প্ৰমাণপত্ৰৰ বৰ্দ্ধিত চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি পাছপৰ্ট আৱেদনকাৰীসকলে এই প্ৰমাণপত্ৰ লাভৰ ব্যৱস্থা অধিক খৰতকীয়া কৰিবলৈ কালি অৰ্থাৎ ২৮ ছেপ্টেম্বৰ, ২০২২ ৰ পৰা কাৰ্যকৰী হোৱাকৈ দেশৰ প্ৰতিটো অনলাইন পোষ্ট অফিচ পাছপ'ৰ্ট সেৱা কেন্দ্ৰত আৰক্ষীৰ অনুমতি প্ৰমাণপত্ৰৰ বাবে আৱেদনৰ ব্যৱস্থা সন্নিৱিষ্ট কৰা হৈছে। এই ব্যৱস্থাৰ ফলত আৱেদনকাৰীসকলে উল্লেখিত প্ৰমাণপত্ৰৰ বাবে সাক্ষাৎকাৰৰ আমন্ত্ৰণ খৰতকীয়াকৈ লাভ কৰিব।

আনহাতে মন্ত্ৰালয়ৰ এই পদক্ষেপৰ ফলত ভাৰতীয় নাগৰিকসকলে বিদেশত কর্মসংস্থাপন বিচৰাত সহায়ক হোৱাৰ উপৰি অন্যান্য ক্ষেত্র যেনে শিক্ষা, দীর্ঘকালীন ভিছা আৰু প্ৰবাসীসকলে ল'বলগীয়া আৰক্ষীৰ অনুমতি প্ৰমাণপত্ৰৰ চাহিদাও পূৰণ কৰিব।
Published by:Sehnaz Begum
First published:

শেহতীয়া বাতৰি