বিৰক্তিকৰ!কোনে শুনে বিত্তমন্ত্ৰীৰ ভাষণ? অলপ শুই লও দেই...

News18 Assam | News18-Assam
Updated:November 28, 2019, 5:00 PM IST
বিৰক্তিকৰ!কোনে শুনে বিত্তমন্ত্ৰীৰ ভাষণ? অলপ শুই লও দেই...
সংসদত বিত্তমন্ত্ৰীয়ে গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ দিছে, কাষতে থকা সতীৰ্থ মন্ত্ৰীয়ে মুখ মেলি শুইছে

সংসদত বিত্তমন্ত্ৰীয়ে গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ দিছে, কাষতে থকা সতীৰ্থ মন্ত্ৰীয়ে মুখ মেলি শুইছে

  • Share this:
দেশত চলি আছে অৰ্থনৈতিক সংকট। গতিকে কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ মন্তব্যলৈ এতিয়া সমগ্ৰ দেশে অধীৰ আগ্ৰহেৰে ৰৈ থাকে। কিন্তু সতীৰ্থ মন্ত্ৰীকেইজনে...! সংসদত বিত্তমন্ত্ৰীয়ে গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ দি থকাৰ সময়ত কাষতে বহা ইজনৰ পিছত সিজন মন্ত্ৰীয়ে মুখ মেলি মেলি শুই থকা দেখিবলৈ পোৱা গ’ল।

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দেশত বৰ্তমান চলি থকা অৰ্থনৈতিক স্থবিৰতা বিষয়ত এক প্ৰশ্নৰ উত্তৰ দি থকা অৱস্থাত কেন্দ্ৰীয় দক্ষতা বিকাশ মন্ত্ৰী মহেন্দ্ৰ নাথ পাণ্ডে, বিত্ত বিভাগৰ ৰাজ্যিক মন্ত্ৰী অনুৰাগ ঠাকুৰক শুই থকা দেখিবলৈ পোৱা গ’ল। পিছত ইণ্টাৰনেটত ভাইৰেল হৈ পৰে মন্ত্ৰীগৰাকী শুই থকা ভিডিঅ’।

GDP Growth, কৰ্মচাৰীৰ সুৰক্ষা, কৰ্মসংস্থাপন আদি গুৰুত্ব বিষয়ত আলোচনা চলি থকাৰ সময়ত ‘ দায়িত্বশীল’ মন্ত্ৰীৰ এনে কৰ্ম–কাণ্ডই সমগ্ৰ দেশতে বিশেষ চৰ্চা লাভ কৰিছে। বিভিন্ন জনে মন্ত্ৰীজনক তাচ্ছিল্য কৰাৰ লগতে বহুতে তীব্ৰ ভাষাৰে সমালোচনা কৰিছে। সুযোগ বুজি কংগ্ৰেছেও কটাক্ষ কৰে মন্ত্ৰী কেইজনক।



আৰু চাওক
পৰৱৰ্তী বাতৰি