কাইলৈ দিনৰ ১১.১৫ বজাত এখন এয়াৰ এছিয়াৰ বিমানযোগে মন্ত্ৰীগৰাকীয়ে নিজৰ লগতে তেওঁলোকক অসমলৈ ঘূৰাই অনাৰ ব্যৱস্থা গ্ৰহণ কৰিছে।
কাইলৈ দিনৰ ১১.১৫ বজাত এখন এয়াৰ এছিয়াৰ বিমানযোগে মন্ত্ৰীগৰাকীয়ে নিজৰ লগতে তেওঁলোকক অসমলৈ ঘূৰাই অনাৰ ব্যৱস্থা গ্ৰহণ কৰিছে।
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে মন্ত্ৰী পীযূষ হাজৰিকাই আজি ইম্ফলৰ ৰিজনেল ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সত উপস্থিত হয় আৰু মণিপুৰৰ টুপুলত সংঘটিত ভূমিস্খলনথলীৰ পৰা উদ্ধাৰ হোৱা অসমৰ পাঁচগৰাকী ব্যক্তিৰ ভিতৰত বৰ্তমান তাত চিকিৎসাধীন অৱস্থাত থকা ৩ গৰাকী ব্যক্তিৰ স্বাস্থ্যৰ অৱস্থাৰ বুজ লয়।
বৰ্তমান পাঁচোগৰাকী লোকৰে অৱস্থা সুস্থিৰ হৈ উঠাৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে কাইলৈ দিনৰ ১১.১৫ বজাত এখন এয়াৰ এছিয়াৰ বিমানযোগে মন্ত্ৰীগৰাকীয়ে নিজৰ লগতে তেওঁলোকক অসমলৈ ঘূৰাই অনাৰ ব্যৱস্থা গ্ৰহণ কৰিছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|