উত্তৰ প্ৰদেশৰ ক্ৰীড়া মন্ত্ৰী তথা টীম ইণ্ডিয়াৰ প্ৰাক্তন তাৰকা ক্ৰিকেটাৰ চেতন চৌহানৰ দেহাৱসান, কোভিড–১৯ আক্ৰান্ত হৈছিল চৌহান

চেতন চৌহানৰ মৃত্যুত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে গভীৰ শোক প্ৰকাশ কৰে।
চেতন চৌহানৰ মৃত্যুত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে গভীৰ শোক প্ৰকাশ কৰে।
- News18 Assam
- Last Updated: August 16, 2020, 8:59 PM IST
দিল্লী আৰু মহাৰাষ্ট্ৰৰ হৈ ৰঞ্জী ট্ৰফীত অংশ লোৱা চেতন চৌহানে টেষ্টত ১৬টা অৰ্ধশতক অৰ্জন কৰাৰ লগতে দুটা উইকেটো লাভ কৰিছিল। টেষ্ট কেৰিয়াৰত দিঘলীয়া সময় সুনীল গাভাস্কাৰৰ সৈতে অপেনিং বেটিং কৰিছিল চেতন চৌহানে। উত্তৰ প্ৰদেশ চৰকাৰৰ ক্ৰীড়া মন্ত্ৰীৰ দায়িত্ব লাভ কৰাৰ পূৰ্বে ১৯৯১ আৰু ১৯৯৮ চনত উত্তৰ প্ৰদেশৰ আমৰোহা লোকসভা সমষ্টিৰ পৰা দুবাৰকৈ নিম্ন সদনৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল।
দেশৰ ক্ৰিকেট নক্ষত্ৰ তথা সফল মন্ত্ৰী চেতন চৌহানৰ আকস্মিত মৃত্যুত শোকস্তব্ধ হৈ পৰিছে দেশবাসী। চেতন চৌহানৰ মৃত্যুত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে গভীৰ শোক প্ৰকাশ কৰে। শোক প্ৰকাশ কৰে সতীৰ্থ ক্ৰিকেটাৰ সুনীল গাভাস্কাৰ আৰু বিচিচিআইৰ মুৰব্বী সৌৰভ গাংগুলীয়েও। প্ৰয়াত চেতন চৌহানে সময় পালেই গুৱাহাটীলৈ আহি মা কামাখ্যাৰ আশীৰ্বাদ লৈছিল। শেষবাৰৰ বাবে ২০১৯ বৰ্ষতো কামাখ্যা মন্দিৰলৈ আহিছিল চেতন চৌহান।