দিল্লীত চৰকাৰ গঠন কৰাৰ কথা বিজেপিয়ে কেতিয়াও ভবাই নাছিল, ক’লে হিমন্ত বিশ্ব শৰ্মাই

News18 Assam | News18-Assam
Updated:February 11, 2020, 4:11 PM IST
দিল্লীত চৰকাৰ গঠন কৰাৰ কথা বিজেপিয়ে কেতিয়াও ভবাই নাছিল, ক’লে হিমন্ত বিশ্ব শৰ্মাই
আনহাতে, দিল্লীৰ নিৰ্বাচনী ফলাফলক লৈ বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিত দাসে কয় য়ে দিল্লীৰ নিৰ্বাচনী প্ৰচাৰত ময়ো অংশ লৈছিলো। আমি চৰকাৰ গঠন কৰিব নোৱাৰো বুলি পূৰ্বেও কৈছো।

আনহাতে, দিল্লীৰ নিৰ্বাচনী ফলাফলক লৈ বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিত দাসে কয় য়ে দিল্লীৰ নিৰ্বাচনী প্ৰচাৰত ময়ো অংশ লৈছিলো। আমি চৰকাৰ গঠন কৰিব নোৱাৰো বুলি পূৰ্বেও কৈছো।

  • Share this:
দিল্লীত একক সংখ্যাগৰিষ্ঠতাৰে পুনৰ অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আম আদমী পাৰ্টীয়ে চৰকাৰ গঠন কৰাটো প্ৰায় নিশ্চিত হৈ পৰিছে। দিল্লীৰ নিৰ্বাচনী ফলাফলক লৈ নগাঁৱত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে গুৰুত্বপূৰ্ণ মন্তব্য। হিমন্ত বিশ্ব শৰ্মাই কয় – ‘দিল্লীত চৰকাৰ গঠন কৰাৰ কথা বিজেপিয়ে কেতিয়াও ভবা নাছিল। দিল্লীৰ জনতাই লোকসভাত বিজেপিক বিচাৰে আৰু বিধানসভাত আপক বিচাৰে। আপ চৰকাৰে দিল্লীবাসীক বিনামূলীয়া বিজুলী আৰু পানী যোগান দিয়াৰ সুফল পাইছে।’

অসমত দিল্লীৰ নিৰ্বাচনৰ প্ৰভাৱ পৰিব নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত হিমন্তৰ মন্তব্য - অসমত দিল্লীৰ মানুহে ভোট দিবলৈ অহা মই দেখা নাই। কিন্তু কেৱল সাংবাদিকে যেতিয়া নিৰ্বাচনত ভোটদান কৰিব তেতিয়া প্ৰভাৱ পৰিব।

আনহাতে, দিল্লীৰ নিৰ্বাচনী ফলাফলক লৈ বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিত দাসে কয় য়ে দিল্লীৰ নিৰ্বাচনী প্ৰচাৰত ময়ো অংশ লৈছিলো। আমি চৰকাৰ গঠন কৰিব নোৱাৰো বুলি পূৰ্বেও কৈছো। চৰকাৰ গঠন কৰিব নোৱাৰিলেও পূৰ্বতকৈ আমাৰ ভোটৰ হাৰ বাঢ়িছে, তাৰ বিপৰীতে ভোটৰ হাৰ হ্ৰাস পাইছে আপ আৰু কংগ্ৰেছৰ।

দিল্লীত নিৰ্বাচনী প্ৰচাৰত অংশ লওঁতে ভোটাৰে লোকসভাত মোদী আৰু বিধানসভা কেজৰিৱালক বিচাৰো বুলি স্পষ্টকৈ কৈছিল বুলিও মন্তব্য কৰে ৰণজিত দাসে। নিৰ্বাচনত CAA বিৰোধী আন্দোলন, অমিত শ্বাহৰ নজফগৰত খঙেৰে পদুমত বুটাম টিপক শ্বাহিনবাগত কাৰেণ্ট লাগিব বুলি কৰা বিতৰ্কিত মন্তব্যই প্ৰভাৱ পেলাইছে নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত দাসে কয় – দিল্লীবাসীয়ে বিবেক ভোট দিছে। বিকাশক ইছ্যু হিচাপে লৈ প্ৰতিদ্বন্দ্বিতা কৰা কেজৰিৱালকেই দিল্লীবাসীয়ে সমৰ্থন কৰিলে।’
আৰু চাওক
পৰৱৰ্তী বাতৰি