এতিয়াৰ পৰা পোষ্ট অফিচৰ চেভিংচ একাউণ্টত নূন্যতম ৫০০ টকা ৰখাতো বাধ্যতামূলক।
এতিয়াৰ পৰা পোষ্ট অফিচৰ চেভিংচ একাউণ্টত নূন্যতম ৫০০ টকা ৰখাতো বাধ্যতামূলক।
ইণ্ডিয়া পোষ্টৰ তৰফৰ পৰা ডাকঘৰৰ চেভিংচ একাউণ্টত নূন্যতম বেলেন্স ৰখাৰ ডেডলাইন জাৰি কৰা হৈছে। শুকুৰবাৰে টুইট যোগে এই কথা জনাইছে ইণ্ডিয়া পোষ্টে। টুইটাৰ যোগে জনোৱা হৈছে যে, ‘এতিয়াৰ পৰা পোষ্ট অফিচৰ চেভিংচ একাউণ্টত নূন্যতম ৫০০ টকা ৰখাতো বাধ্যতামূলক। ১১ ডিচেম্বৰৰ ভিতৰত পালন কৰিব লাগিব এই নিয়ম।
ইতিমধ্যে ইণ্ডিয়া পোষ্টে একাউণ্ট হোল্ডাৰলৈ প্ৰেৰণ কৰিছে ৰিমাইণ্ডাৰ মেছেজ। মেছেজত কোৱা হৈছে যে, গ্ৰাহকে চেভিংচ একাউণ্টত নূন্যতম বেলেন্স ৰখাতো বাধ্যতামূলক। অন্যথা ভৰিব লাগিব ১০০ টকাৰ জৰিমনা। একাউণ্টত বেলেন্স নাথাকিলে একাউণ্ট বন্ধ কৰি দিয়াৰো ব্যৱস্থা ৰাখিছে ইণ্ডিয়ান পোষ্টে।
ডাকঘৰত চিংগল বা জইণ্ট চেভিংচ একাউণ্ট খোলাৰ ব্যৱস্থা আছে। একাউণ্ট খোলাৰ সময়ত নমিনিৰ নাম দিয়াতো বাধ্যতামূলক। বৰ্তমান পোষ্ট অফিচৰ চেভিংচ একাউণ্টৰ পৰা ৪ শতাংশ সুত লাভ কৰে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|