• Home
  • »
  • News
  • »
  • nation
  • »
  • সন্তানৰ অনলাইন ক্লাছৰ কাৰণে লাগে স্মাৰ্টফোন, সেইকাৰণে শেষ সম্বল গৰু বিকিলে গোৱাল পিতৃয়ে

সন্তানৰ অনলাইন ক্লাছৰ কাৰণে লাগে স্মাৰ্টফোন, সেইকাৰণে শেষ সম্বল গৰু বিকিলে গোৱাল পিতৃয়ে

image credit: IANS

image credit: IANS

মার্চ মাহৰ পৰা স্কুল বন্ধ থকাৰ কাৰণে শিক্ষালাভৰ পৰা সন্তান বঞ্চিত হৈ আছিল। 

  • Share this:
চিমলাঃ কোৰোণা সংক্ৰমণৰ কাৰণে বন্ধ হৈ আছে স্কুল কলেজ। তথাপিও বন্ধ হোৱা নাই পঢ়া–শুনা। অনলাইন ক্লাছ চলিছে কিন্তু হাজাৰ হাজাৰ দৰিদ্ৰ পৰিয়ালৰ হাতত নাই স্মাৰ্টফোন। তেওঁলোকৰ সন্তানে কেনেকৈ পঢ়িব সেই কথা কোনেও ভবা নাই। কিন্তু স্মাৰ্টফোন নাথাকিলেই পঢ়া–শুনা বন্ধ কৰি দিব নে কি?

এইধৰণৰ বিপদৰ সন্মুখীন হৈ অৱশেষত শেষ সম্বল গৰু বিক্ৰী কৰি দিলে পিতৃয়ে। কাৰণে ল’ৰা–ছোৱালীক পঢ়াবই লাগিব। মাত্ৰ ছহেজাৰ টকাত হিমাচল প্ৰদেশৰ জ্বালামুখী এলেকাৰ গুম্মাৰ গাঁৱৰ বাসিন্দা কুলদীপ কুমাৰে বিক্ৰী কৰি দিলে গৰু। সেই টকাৰে কিনি আনিলে স্মাৰ্ট ফোন যাতে তেওঁৰ তৃতীয় আৰু দ্বিতীয় শ্ৰেণীত পঢ়ি থকা সন্তানে পঢ়া–শুনা কৰিব পাৰে।

সংবাদমাধ্যমৰ আগত তেওঁ প্ৰকাশ কৰে, ‘গৰু বিক্রী কৰাৰ আগত একাধিক ব্যক্তি, বেংক সকলোৰে ওচৰত টকা ধাৰ পোৱাৰ আশাৰে গৈছিলো। কিন্তু কোনোৱে ধাৰ দিব নোখোজে। মই গাখীৰ বিক্ৰী কৰো আৰু দিনহাজিৰা কৰি উপাৰ্জন কৰো। একেলগে ক’ৰ পৰা ছহেজাৰ টকা পাম? সেই কাৰণে বাধ্য হৈ গৰু বিক্ৰী কৰি দিয়াৰ সিদ্ধান্ত লও। অন্ততঃ মোৰ ল’ৰা–ছোৱালীকেইটাই পঢ়া–শুনা কৰিব পাৰিব।’‌

এই ঘটনা সংবাদমাধ্যমত প্ৰকাশ পোৱাৰ পিছতে অৱশ্যে স্থানীয় প্ৰশাসন সহায় কৰিবলৈ আগবাঢ়ি আহিছে। স্থানীয় বিধায়কজনে জনাইছে, তেওঁ বিডিও আৰু অন্য প্ৰশাসনিক বিষয়াক কৈছে যে শীঘ্ৰে সেই পৰিয়ালক আৰ্থিক সহায় আগবঢ়াওক যাতে তেওঁলোকৰ সংকট দূৰ হয়।
First published: