• Home
  • »
  • News
  • »
  • nation
  • »
  • The Flying Sikh: দেশ বিভাজনত হেৰুৱাইছিল পিতৃ-মাতৃ, ভাই-ভনীকঃ ঘাত–প্ৰতিঘাতৰ মাজেৰে এনেকৈ হৈছিল 'ফ্লায়িং শিখ'

The Flying Sikh: দেশ বিভাজনত হেৰুৱাইছিল পিতৃ-মাতৃ, ভাই-ভনীকঃ ঘাত–প্ৰতিঘাতৰ মাজেৰে এনেকৈ হৈছিল 'ফ্লায়িং শিখ'

দেশ বিভাজনৰ সাম্প্ৰদায়িক দাংগাত তেওঁ ১৪গৰাকী ভাই-ভনীৰ ভিতৰত ৮গৰাকীক আৰু নিজ পিতৃ-মাতৃক হেৰুৱাইছিল।

দেশ বিভাজনৰ সাম্প্ৰদায়িক দাংগাত তেওঁ ১৪গৰাকী ভাই-ভনীৰ ভিতৰত ৮গৰাকীক আৰু নিজ পিতৃ-মাতৃক হেৰুৱাইছিল।

দেশ বিভাজনৰ সাম্প্ৰদায়িক দাংগাত তেওঁ ১৪গৰাকী ভাই-ভনীৰ ভিতৰত ৮গৰাকীক আৰু নিজ পিতৃ-মাতৃক হেৰুৱাইছিল।

  • Share this:

ভাৰতবৰ্ষই হেৰুৱালে দেশৰ ক্ৰীড়াক্ষেত্ৰৰ এক অমূল্য ব্যক্তিত্ব। বিগত এটা মাহে কোৰোণাৰ সৈতে যুঁজি অৱশেষত হাৰ মানিলে মহান খেলুৱৈ মিলখা সিঙে। দেশৰ প্ৰতিটো প্ৰজন্মই আজিও অভিবাদন জনাই ক্ৰীড়াক্ষেত্ৰৰ এইগৰাকী মহান মনীষীক। অলিম্পিকত তেওঁ পদক আনিব নোৱাৰিলেও কিন্তু সমগ্ৰ বিশ্বতে গুঞ্জৰিত হৈছিল মিলখা সিঙৰ নাম।


দেশ বিভাজনত পৰিয়ালৰ আধা লোকক হেৰুৱাইছিল মিলখাই


'ফ্লায়িং শিখ' নামেৰে জনাজাত মিলখা সিঙৰ জন্ম ১৯২৯ চনত পাকিস্তানৰ মুজাফ্ফৰগড়ৰ গোবিন্দপুৰাত হৈছিল। তেওঁ জীৱনৰ আগবয়স বহুতো ঘাত–প্ৰতিঘাতৰ সমষ্টি আছিল। ভাৰত আৰু পাকিস্তান বিভাজনৰ সময়ত তেওঁ ভাৰতলৈ আহিব লগা হৈছিল, কিন্তু সেই সময়ছোৱাত তেওঁ ১৪ জন ভাই-ভনীৰ ভিতৰত আঠজনক আৰু নিজ পিতৃ-মাতৃক হেৰুৱাইছিল।


এই সকলোবোৰ স্মৃতিৰ সৈতে তেওঁ ভাৰতলৈ আহি সেনাবাহিনীত যোগদান কৰে। এইটো মিলখা সিঙৰ সেনাত যোগদান কৰাৰ আটাইতকৈ কঠোৰ সিদ্ধান্ত আছিল। এই সিদ্ধান্তই তেওঁৰ গোটেই জীৱন সলনি কৰি দিয়ে আৰু এক ক্ৰছ-কাণ্ট্ৰী দৌৰে তেওঁৰ আকৰ্ষণীয় কেৰিয়াৰৰ ভেটি স্থাপন কৰে। ৪০০ তকৈও অধিক সৈনিকে এই দৌৰত অংশগ্ৰহণ কৰিছিল আৰু মিলখা সিঙে ষষ্ঠ স্থান লাভ কৰিছিল।


মিলখা সিঙৰ কেৰিয়াৰ


এই দৌৰ প্ৰতিযোগিতাৰ পিছতে তেওঁক প্ৰশিক্ষণৰ বাবে নিৰ্বাচিত কৰা হৈছিল। তেওঁ তিনিখনকৈ অলিম্পিক ১৯৫৬ৰ মেলবৰ্ন, ১৯৬০ৰ ৰোম আৰু ১৯৬৪ৰ টকিঅ' অলিম্পিকত অংশগ্ৰহণ কৰিছিল। ৰোমৰ ১৯৬০ চনৰ গ্ৰীষ্মকালীন অলিম্পিক আৰু টকিঅ'ৰ ১৯৬৪ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত তেওঁ দেশক প্ৰতিনিধিত্ব কৰিছিল। ১৯৫৮ আৰু ১৯৬২ চনৰ এছিয়ান গেমছতো সোণৰ পদক জয় কৰিবলৈ সক্ষম হৈছিল। ১৯৬০ চনৰ ৰোম অলিম্পিক গেমছত তেওঁ পূৰ্বৰ অলিম্পিক অভিলেখ ভংগ কৰে, কিন্তু তেওঁ পদক লাভ কৰিবলৈ সক্ষম নহ'ল। ইয়াৰ জৰিয়তে তেওঁ এক ৰাষ্ট্ৰীয় অভিলেখ গঢ়ি তোলে যি প্ৰায় ৪০ বছৰলৈকে বৰ্তি থাকে।


এনেকৈ হৈছিল 'ফ্লায়িং শিখ'


মিলখা সিঙে পাকিস্তানত এক আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। তেওঁৰ প্ৰতিদ্বন্দ্বী আছিল পাকিস্তানৰ আব্দুল খালিক। ইয়াত মিলখাই আব্দুলক পৰাস্ত কৰি ইতিহাস সৃষ্টি কৰিছিল। এই বিজয়ৰ পিছতেই পাকিস্তানৰ তদানীন্তন ৰাষ্ট্ৰপতি ফিল্ড মাৰ্শ্বেল আয়ুব খানে মিলখা সিঙক 'ফ্লায়িং শিখ' উপাধি প্ৰদান কৰে।


আব্দুল খালিক পৰাস্ত কৰাৰ পিছত তদানীন্তন ৰাষ্ট্ৰপতি আয়ুব খানে মিলখা সিঙক কৈছিল, 'আজি তুমি দৌৰা নাই, তুমি উৰিছা। সেইকাৰণে আমি তোমাক ফ্লায়িং শিখ উপাধি দিছোঁ।' তেতিয়াৰ পৰা মিলখা সিং সমগ্ৰ বিশ্বতে 'ফ্লায়িং শিখ' হিচাপে পৰিচিত হৈ পৰে।

Published by:Gautam Barman
First published: