মুখ্যপৃষ্ঠা »খবৰ »দেশ »৮০ বছৰীয়া মাতৃক ফিটনেছ চেলেঞ্জ মিলিন্দ সুমনৰ, পুত্ৰৰ সৈতে ১৫ বাৰ পুশ্ব–আপ মাতৃৰ

৮০ বছৰীয়া মাতৃক ফিটনেছ চেলেঞ্জ মিলিন্দ সুমনৰ, পুত্ৰৰ সৈতে ১৫ বাৰ পুশ্ব–আপ মাতৃৰ

এই মহিলাগৰাকী হৈছে ছুপাৰ মডেল মিলিন্দ সুমনৰ মাতৃ ঊষা সুমন। বয়স ৮০ বছৰ। মাতৃ দিৱসত সকলো মাতৃলৈ শুভেচ্ছা জনাই মিলিন্দ সুমনে ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে এটা বিশেষ ভিডিঅ’।

  • Share this:
    এগৰাকী ৮০ বছৰীয়া মহিলা। পুত্ৰৰ সৈতে ফিটনেছ চেলেঞ্জত অৱতীৰ্ণ হৈছে এই মহিলাগৰাকী। পুত্ৰৰ সমানে সমানে শৰীৰচৰ্চাত অংশ লৈছে মাতৃয়ে।

    এই মহিলাগৰাকী হৈছে ছুপাৰ মডেল মিলিন্দ সুমনৰ মাতৃ ঊষা সুমন। বয়স ৮০ বছৰ। মাতৃ দিৱসত সকলো মাতৃলৈ শুভেচ্ছা জনাই মিলিন্দ সুমনে ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে এটা বিশেষ ভিডিঅ’। এই ভিডিঅ’টোত ৮০ বছৰীয়া মাতৃ ঊষাক তেওঁৰ সৈতে পুশ্ব–আপ কৰা দেখা গৈছে। মিলিন্দ সুমনৰ বয়স বৰ্তমান ৫৩ বছৰ। মাতৃয়ে প্ৰায়ে ফিটনেছ চেলেঞ্জ দিয়ে মিলিন্দক। সেয়েহে মাতৃ দিৱসত মিলিন্দেও মাতৃক দিলে ফিটনেছ চেলেঞ্জ।

     ভিডিঅ’টোত মিলিন্দ সুমনে সকলো মাতৃক শুভেচ্ছা জনাই কয় যে আপুনিও নিজকে সুস্থ কৰি ৰাখিবলৈ দৈনিক ১০ মিনিট সময় উলিয়াওক। লগতে ইনষ্টাগ্ৰামত মিলিন্দে লিখিছে – এতিয়াও পলম হোৱা নাই। ঊষা সুমন, মোৰ মা। ৮০ বছৰীয়া যুৱতী। প্ৰতিটো দিনকে মাতৃ দিৱস বনাওক।

     মিলিন্দ সুমনৰ মাতৃৰ এয়াই প্ৰথম ফিটনেছ চেলেঞ্জ নহয়। ইয়াৰ পূৰ্বেও ৭০ বছৰ বয়সত খালী ভৰিৰে শাৰী পিন্ধি মাৰাথন দৌৰত অংশ লৈছিল। মিলিন্দৰ মাতৃৰ উপৰি পত্নী অংকিতা কোঁৱৰকো মাৰাথনত প্ৰায়ে মিলিন্দৰ সৈতে দেখা যায়।

    শেহতীয়া বাতৰি