কোৱাৰানটাইন চেণ্টাৰত ‘গাঞ্জা পাৰ্টী’! একেলগে নিচা কৰি থকা ৫যুৱকৰ VIDEO VIRAL

News18 Assam | News18-Assam
Updated:May 20, 2020, 11:44 AM IST
কোৱাৰানটাইন চেণ্টাৰত ‘গাঞ্জা পাৰ্টী’! একেলগে নিচা কৰি থকা ৫যুৱকৰ VIDEO VIRAL
ভিডিও বিহাৰৰ কাটিহাৰ জিলাৰ বেৰিয়া উচ্চ বিদ্যালয়ৰ। ইয়াত কোৱাৰানটাইন চেণ্টাৰ নিৰ্মাণ কৰা হৈছিল। 

ভিডিও বিহাৰৰ কাটিহাৰ জিলাৰ বেৰিয়া উচ্চ বিদ্যালয়ৰ। ইয়াত কোৱাৰানটাইন চেণ্টাৰ নিৰ্মাণ কৰা হৈছিল। 

  • Share this:
বিহাৰঃ কোৰোণা অতিমাৰীৰ মাজত প্ৰব্ৰজিত শ্ৰমিকসকলৰ কাৰণে প্ৰস্তুত কৰা কোৱাৰানটাইন চেণ্টাৰৰ ভিতৰৰ ভাইৰেল ছবি/ভিডিওই ৰাইজক বিচলিত কৰিছে। কোৱাৰানটাইন চেণ্টাৰ নহৈ কোনো আনন্দ–ফূৰ্তিৰ আদ্দাহে যেন। সামাজিক ব্যৱধানৰ কোনো চিন–মোকামেই নাই। নিচাখোৰ একাংশ শ্ৰমিকে কোৱাৰানটাইন চেণ্টাৰত কৰা কাণ্ড সংঘটিত হৈছে বিহাৰৰ কাটিহাৰত। ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এটা ভিডিওত দেখিবলৈ পোৱা গৈছে কিদৰে কোৱাৰানটাইন চেণ্টাৰত মানুহে সকলো নীতি–নিয়ম ভৰিৰে মোহাৰিছে।

কাটিহাৰ হাইস্কুলত চেণ্টাৰ বনোৱা হৈছিল আৰু ইয়াৰে এটা ভিডিও তীব্ৰ গতিৰে ভাইৰেল হয়। এই ভিডিওত কোৱাৰানটাইন চেণ্টাৰৰ একাংশ লোকে তীব্ৰ সংগীতৰ তালে তালে ভাং খাই থকা দেখা গৈছে। স্থানীয় ৰাইজে সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰা মতে, এই ভিডিওত ভাং খাই থকা এজন যুৱক ইতিমধ্যে কোৰোণা পজিটিভ ওলাইছে আৰু তেওঁক চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে। অৱশ্যে নিউজ18–এ এই ভাইৰেল ভিডিওৰ পুষ্টি নকৰে।

স্থানীয় ৰাইডৰ অভিযোগ মতে কেৱল কোৱাৰানটাইন চেণ্টাৰত ভাঙৰ আড্ডাই নহয় যেতিয়াই তেতিয়াই চেণ্টাৰৰ পৰা বাহিৰলৈ ওলাই যোৱাটো এক নিত্য নৈমিত্তিক ঘটনা এইসকলৰ বাবে।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading