মুখ্যপৃষ্ঠা »খবৰ »দেশ »১৯৮৭ৰ পূৰ্বে জন্ম হ’লে ভাৰতীয় নাগৰিক মানি লোৱা হ’ব, ৰাষ্ট্ৰীয় NRCৰ বিশেষ তথ্য সদৰি

১৯৮৭ৰ পূৰ্বে জন্ম হ’লে ভাৰতীয় নাগৰিক মানি লোৱা হ’ব, ৰাষ্ট্ৰীয় NRCৰ বিশেষ তথ্য সদৰি

নাগৰিকত্ব আইন, ২০০৪ত কৰা সংশোধন অনুসৰি অসমক এৰি দেশৰ আন প্ৰান্তত কোনো ঠাইত যদিহে কাৰোবাৰ পিতৃ–মাতৃৰ মাজত যিকোনো এজন ভাৰতীয় নাগৰিক আৰু অবৈধ অনুপ্ৰৱেশকাৰী নহয় তেনেহ’লে এনেকুৱা শিশুক ভাৰতীয় নাগৰিক গণ্য কৰা হ’ব। 

নাগৰিকত্ব আইন, ২০০৪ত কৰা সংশোধন অনুসৰি অসমক এৰি দেশৰ আন প্ৰান্তত কোনো ঠাইত যদিহে কাৰোবাৰ পিতৃ–মাতৃৰ মাজত যিকোনো এজন ভাৰতীয় নাগৰিক আৰু অবৈধ অনুপ্ৰৱেশকাৰী নহয় তেনেহ’লে এনেকুৱা শিশুক ভাৰতীয় নাগৰিক গণ্য কৰা হ’ব। 

নাগৰিকত্ব আইন, ২০০৪ত কৰা সংশোধন অনুসৰি অসমক এৰি দেশৰ আন প্ৰান্তত কোনো ঠাইত যদিহে কাৰোবাৰ পিতৃ–মাতৃৰ মাজত যিকোনো এজন ভাৰতীয় নাগৰিক আৰু অবৈধ অনুপ্ৰৱেশকাৰী নহয় তেনেহ’লে এনেকুৱা শিশুক ভাৰতীয় নাগৰিক গণ্য কৰা হ’ব। 

  • Share this:
নাগৰিকত্ব সংশোধনী আইন আৰু প্ৰস্তাৱিত ৰাষ্ট্ৰীয় NRCক লৈ দেশৰ বিভিন্ন প্ৰান্তত অব্যাহত বিক্ষোভৰ মাজতে কেন্দ্ৰীয় চৰকাৰৰ শীৰ্ষ অধিকাৰীয়ে স্পষ্ট কৰি দিছে যে যিসকল ব্যক্তি ১৯৮৭ৰ পূৰ্বে ভাৰতত জন্ম বা ১৯৮৭ৰ পৰা যিসকলৰ পিতৃ–মাতৃৰ জন্ম তেওঁলোকক প্ৰামাণিক ভাৰতীয় নাগৰিক গণ্য কৰা হ’ব। গৃহ মন্ত্ৰালয়ৰ শীৰ্ষ বিষয়াই কয় যে, এনেকুৱা ব্যক্তিয়ে নাগৰিকত্ব সংশোধনী আইন, ২০১৯ক লৈ চিন্তিত হোৱাৰ প্ৰয়োজন নাই। লগতে এনেকুৱা ব্যক্তিয়ে সম্পূৰ্ণ দেশত বলৱৎ হ’বলগীয়া নেচনেল ৰেজিষ্টাৰ অৱ চিটিজেন্স (NRC)ক লৈ উদ্বিগ্ন হোৱাৰ প্ৰয়োজন নাই। পিআইবিয়ে ছচিয়েল মিডিয়াতো ৰাষ্ট্ৰীয় এনআৰচিক লৈ বিভ্ৰান্তি দূৰ কৰাৰ প্ৰয়াস কৰিছে।


পিতৃ–মাতৃৰ মাজৰ এজন ভাৰতীয় নাগৰিক হোৱাটো প্ৰয়োজন

নাগৰিকত্ব আইন, ২০০৪ত কৰা সংশোধনী অনুসৰি অসমক এৰি দেশৰ অন্য প্ৰান্তত যদিহে পিতৃ–মাতৃৰ মাজৰ কোনোবা এজন ভাৰতীয় নাগৰিক আৰু অবৈধ অনুপ্ৰৱেশকাৰী নহয় তেনেহ’লে এনেকুৱা শিশুক ভাৰতীয় নাগৰিক গণ্য কৰা হ’ব। দেশজুৰি ‘কা’ বিৰোধী বিক্ষোভৰ মাজত এই স্পষ্টীকৰণ চৰকাৰৰ তৰফৰ পৰা প্ৰদান কৰা হৈছে। চৰকাৰী বিভাগে জনাইছে যে, ছচিয়েল মিডিয়াত বিভিন্ন বিভ্ৰান্তি প্ৰচাৰ হৈছে আৰু এইবোৰ শুদ্ধ নহয়।


আইন অনুসৰি প্ৰাকৃতিকভাৱে ভাৰতীয় নাগৰিক গণ্য কৰা হ’ব

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ বিষয়াৰ মতে যিসকল নিজে বা যিসকলৰ পিতৃ–মাতৃ ১৯৮৭ৰ পূৰ্বে দেশত জন্ম হৈছে তেওঁলোকক আইনে প্ৰাকৃতিকভাৱে (Naturalisation) ভাৰতীয় নাগৰিক হিচাপে স্বীকাৰ কৰিব। সেইদৰে অসমত পৰিচয় আৰু নাগৰিকত্ব প্ৰমাণ কৰাৰ কাট অৱ ডেট ১৯৭১নিৰ্ধাৰণ কৰা হৈছে। অসমত নাগৰিকত্ব প্ৰমাণ কৰিবলৈ এনআৰচিৰ অন্তিম সূচীত অন্তৰ্ভুক্ত হোৱাৰ কাৰণে প্ৰয়োজনীয় নথিৰ তালিকা উচ্চতম ন্যায়ালয়ে নিৰ্ধাৰণ কৰিছিল।

NRC-1 আৰু NRC-2ত কোন কোন থাকিব?

গৃহ মন্ত্ৰালয়ে স্পষ্ট কৰি দিছে যে যদিহে আপুনি ২৬জানুৱাৰী ১৯৫০ৰ পিছত আৰু ১জুলাই ১৯৮৭ৰ পূৰ্বে জন্ম হৈছে তেনেহ’লে আপুনি NRC-1ত অন্তৰ্ভুক্ত হ’ব আনহাতে যদিহে আপুনি ১জুলাই ১৯৮৭ৰ পৰা ৩ডিচেম্বৰ, ২০০৪ৰ পূৰ্বে জন্ম হৈছে তেনেহ’লে আপুনি NRC-2ত অন্তৰ্ভুক্ত হ’ব। ইয়াৰ কাৰণে পিতৃ–মাতৃৰ মাজত কোনো এজন ভাৰতীয় নাগৰিক অথবা এজন ভাৰতীয় আৰু আনজন যদিহে অবৈধ অনুপ্ৰৱেশকাৰী নহয় তেনেহ’লে আপোনাক ভাৰতীয় নাগৰিক বুলি মানি লোৱা হ’ব। ৩ডিচেম্বৰ, ২০০৪ৰ পিছত বিদেশত জন্ম হোৱা সন্তানৰ ক্ষেত্ৰত পিতৃ–মাতৃয়ে কৰিব লাগিব এই ঘোষণা।

যদিহে আপোনাৰ পিতৃ জন্মসূত্ৰে ভাৰতীয় নাগৰিক আৰু আপোনাৰ জন্ম ২৬জানুৱাৰী, ১৯৫০চন বা তাৰ পিছত কিন্তু ১০ডিচেম্বৰ, ১৯৯২ৰ পূৰ্বে বিদেশত হৈছে তেনেহ’লে আপুনি NRC-1ত থাকিব। ভাৰতৰ বাহিৰত ৩ডিচেম্বৰ, ২০০৪ বা তাৰ পিছত জন্ম হোৱা মানুহক ভাৰতীয় নাগৰিক তেতিয়াহে মানি লোৱা হ’ব যেতিয়া তেওঁৰ পিতৃ–মাতৃয়ে ঘোষণা কৰিব যে তেওঁলোকৰ ওচৰত দ্বিতীয়খন পাৰপত্ৰ নাই আৰু জন্মৰ বছৰটোৰ ভিতৰতে সন্তানৰ জন্মৰ পঞ্জীকৰণ ভাৰতীয় দূতাৱাসত কৰোৱা হৈছে। এনেকুৱাত ক’ব পাৰি যে জন্মৰ প্ৰমাণ পত্ৰ বা মিউনিচিপাল চাৰ্টিফিকেট নাগৰিকত্ব প্ৰমাণ কৰাৰ কাৰণে গুৰুত্বপূৰ্ণ নথি বিবেচিত হ’ব।

শেহতীয়া বাতৰি