• Home
  • »
  • News
  • »
  • nation
  • »
  • NRCক লৈ ডাঙৰ ঘোষণা কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ, লোকসভাত গৃহ ৰাজ্য মন্ত্ৰী নিত্যনন্দ ৰায়ৰ গুৰুত্বপূৰ্ণ মন্তব্য

NRCক লৈ ডাঙৰ ঘোষণা কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ, লোকসভাত গৃহ ৰাজ্য মন্ত্ৰী নিত্যনন্দ ৰায়ৰ গুৰুত্বপূৰ্ণ মন্তব্য

Source-Google

Source-Google

ইয়াৰ পূৰ্বে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৰাজ্যসভাত ঘোষণা কৰিছিল যে সমগ্ৰ দেশতে হ’ব ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (NRC)।

  • Share this:
নাগৰিকত্ব সংশোধনী আইন আৰু NRCক লৈ দেশজুৰি চলি থকা আন্দোলনৰ মাজতে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে স্পষ্ট কৰি দিছে যে বৰ্তমান ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (NRC) অনাৰ কোনো পৰিকল্পনা নাই। গৃহ ৰাজ্য মন্ত্ৰী নিত্যানন্দ ৰায়ে মঙলবাৰে লোকসভাত এক লিখিত উত্তৰত এই তথ্য সদৰি কৰে। তেওঁ কয়, ‘বৰ্তমান দেশজুৰি এন আৰ চি উন্নীতকৰণক লৈ চৰকাৰে কোনো সিদ্ধান্ত লোৱা নাই।’

ইয়াৰ পূৰ্বে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৰাজ্যসভাত ঘোষণা কৰিছিল যে সমগ্ৰ দেশতে হ’ব ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (NRC)। শ্বাহে ঘোষণা কৰিছিল যে ধৰ্মৰ আধাৰত কোনো ভেদভাৱ নহ’ব। অমিত শ্বাহৰ এই ঘোষণাৰ পিছতে উত্তৰ–পূবৰ কেইবাখনো ৰাজ্যত NRCক লৈ হৈছিল ব্যাপক প্ৰতিবাদ। অসম, ত্ৰিপুৰা, পশ্চিম বংগত হৈছিল সৰ্বাধিক প্ৰতিবাদ।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি