দেশ আৰু বিশ্বত দ্ৰুতগতিত বিয়পি পৰা কোৰোণা সংক্ৰমণৰ (Corona virus) ডেল্টা আৰু ওমাইক্ৰন ভেৰিয়েণ্ট (Omicron Variant)ক লৈ এতিয়া যথেষ্ট চিন্তিত হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (Narendra Modi)য়েও ২৩ ডিচেম্বৰত কোভিড১৯ৰ অমিক্ৰন ভেৰিয়েণ্টৰ সংক্ৰমণ ৰোধৰ প্ৰস্তুতিৰ কথা উল্লেখ কৰিছিল আৰু এক প্ৰকাৰৰ সতৰ্কতা আৰু সাৱধানতা অৱলম্বন কৰিবলৈও নিৰ্দেশনা আছিল। এতিয়া এই সন্দৰ্ভত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে (Union Home Ministry) সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য সচিবলৈ দ্বিতীয়খন পত্ৰ লিখিছে।
কেন্দ্ৰীয় গৃহমন্ত্ৰী সচ বিজয় ভল্লাই ৰাজ্যসমূহৰ মুখ্য সচিবসকললৈ লিখা এখন পত্ৰত তেওঁ সকলোকে অমিক্ৰন ভেৰিয়েণ্টক লৈ সম্পূৰ্ণ সতৰ্ক হ'বলৈ নিৰ্দেশ দিছে। তেওঁ ৰাজ্যসমূহক অমিক্ৰন ভেৰিয়েণ্টৰ (Omicron Variant) বিৰুদ্ধে যুঁজিবলৈ স্বাস্থ্য সেৱাসমূহ শক্তিশালী কৰাৰ পদ্ধতিত দ্ৰুতগতিত কাম কৰিবলৈ নিৰ্দেশ দিছে। লগতে অক্সিজেন যোগান প্ৰকল্প আৰু সেইবোৰৰ স্থাপন আৰু কাৰ্যক্ষমতা সম্পূৰ্ণৰূপে সুনিশ্চিত কৰিবলৈ নিৰ্দেশনা দিছে। লগতে সকলো জৰুৰী ঔষধৰ বাফাৰ ষ্টক ক্ৰমত ৰাখিবলৈও নিৰ্দেশ দিছে।
ভাৰতত এই পৰ্যন্ত ৫৭৮ গৰাকী লোক অমিক্ৰনত আক্ৰান্ত হৈছে। দিল্লীত স্ৰবাধিক ১৪২ গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে মহাৰাষ্ট্ৰত আক্ৰান্ত হৈছে ১৪১ গৰাকী। দৈনিক অমিক্ৰনত আক্ৰান্তৰ সংখ্যা বৃদ্ধিৰ লগে লগে দেশত কোৰোণাৰ তৃতীয় লহৰ (Corona Third Wave)ৰ আশংকাও ঘনীভূত হৈছে।
উল্লেখ্য যে কেৰালাত ৫৭, গুজৰাটত ৪৯, তেলেংগানাত ৪৪, ৰাজস্থানত ৪৩, তামিলনাডুত ৩৪, কৰ্ণাটকত ৩৮, হাৰিয়ানাত ১০, মধ্য প্ৰদেশত ৯, উৰিষ্যাত ৮, অন্ধ্ৰ প্ৰদেশ আৰু পশ্চিম বংগত ৬-৬ টা, জম্মু-কাশ্মীৰ আৰু চণ্ডীগড়ত ৩-৩, উত্তৰ প্ৰদেশৰ ২, লাডাখ, উত্তৰাখণ্ড আৰু হিমাচল প্ৰদেশত ১টাকৈ অমিক্ৰনৰ সংক্ৰমণ পোৱা গৈছে।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|