• Home
  • »
  • News
  • »
  • nation
  • »
  • Rahul Gandhi Marriage: কেতিয়া কাক বিয়া পাতিব ৰাহুল গান্ধীয়ে? কংগ্ৰেছৰ ‘ভাৰত জোড়ো যাত্ৰা'ৰ সময়তে ওলাল ৰাহুল গান্ধীৰ বিয়াৰ কথা

Rahul Gandhi Marriage: কেতিয়া কাক বিয়া পাতিব ৰাহুল গান্ধীয়ে? কংগ্ৰেছৰ ‘ভাৰত জোড়ো যাত্ৰা'ৰ সময়তে ওলাল ৰাহুল গান্ধীৰ বিয়াৰ কথা

ৰাহুল গান্ধীয়ে MGNREGA কৰ্মীৰ লগত কথা পাতি থকাৰ সময়ত এগৰাকী মহিলাই ৰাহুল গান্ধীৰ বিয়া (Rahul Gandhi Marriage)ৰ কথা ক’বলৈ আৰম্ভ কৰিছিল।

ৰাহুল গান্ধীয়ে MGNREGA কৰ্মীৰ লগত কথা পাতি থকাৰ সময়ত এগৰাকী মহিলাই ৰাহুল গান্ধীৰ বিয়া (Rahul Gandhi Marriage)ৰ কথা ক’বলৈ আৰম্ভ কৰিছিল।

ৰাহুল গান্ধীয়ে MGNREGA কৰ্মীৰ লগত কথা পাতি থকাৰ সময়ত এগৰাকী মহিলাই ৰাহুল গান্ধীৰ বিয়া (Rahul Gandhi Marriage)ৰ কথা ক’বলৈ আৰম্ভ কৰিছিল।

  • Share this:
কংগ্ৰেছে কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ আৰম্ভ কৰিছে ‘ভাৰত জোড়ো যাত্ৰা’ (Bharat Jodo Yatra)। এই যাত্ৰাৰ নেতৃত্বত আছে কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধী (Rahul Gandhi)। এই যাত্ৰা তামিলনাডুৰ পৰা আৰম্ভ কৰি কেৰালা, কৰ্ণাটকৰ মাজেৰে জম্মু-কাশ্মীৰলৈ যাব। এই সময়ত ৰাহুল গান্ধীৰ সৈতে তেওঁৰ লগত সকলো ঠাইৰ লোকে যোগদান কৰিছে। এই ভ্ৰমণৰ সময়তে তামিলনাডুত এনে এটা ঘটনা সংঘটিত হয়, যিটো কোনেও আশা কৰা নাছিল। আচলতে এই ভ্ৰমণৰ তৃতীয় দিনা ৰাহুল গান্ধীয়ে মাৰ্থাণ্ডামত এমজিএনৰেগাৰ কৰ্মীসকলক সাক্ষাৎ কৰি আছিল। ইয়াত বহু মহিলা কৰ্মীও আছিল। এই সময়ত এগৰাকী মহিলাই ৰাহুল গান্ধীক এনে এটা প্ৰশ্ন কৰিলে যে ৰাহুলে নহহাকৈ থাকিব নোৱাৰিলে।

ৰাহুল গান্ধীয়ে MGNREGA কৰ্মীৰ লগত কথা পাতি থকাৰ সময়ত এগৰাকী মহিলাই ৰাহুল গান্ধীৰ বিয়া (Rahul Gandhi Marriage)ৰ কথা ক’বলৈ আৰম্ভ কৰিছিল। এই ঘটনাৰ কথা উল্লেখ কৰিছে ৰাহুল গান্ধীৰ সৈতে যাত্ৰাত থকা জ্যেষ্ঠ নেতা জয়ৰাম ৰমেশে। তেওঁৰ টুইটাৰ হেণ্ডেলত দুখন ছবি পোষ্ট কৰিছে। এই ছবিবোৰত ৰাহুল গান্ধীয়ে একাংশ মহিলাৰ সৈতে কথা-বতৰা পাতিছে।

ফটোখন শ্বেয়াৰ কৰি জয়ৰাম ৰমেশে (Jairam Ramesh) কেপচনত লিখিছে, "আজি দুপৰীয়া মাৰ্থাণ্ডামত মহিলা এমজিএনৰেগা কৰ্মীসকলৰ সৈতে হোৱা কথা-বতৰাৰ সময়ত এগৰাকী মহিলাই কয় যে তেওঁ জানে যে ৰাহুল গান্ধীয়ে তামিলনাডু (Tamil Nadu)ক ভাল পায় আৰু তামিলনাডুৰ ৰাইজে তেওঁৰ বিয়া এগৰাকী তামিল ছোৱালীজনীৰ সৈতে কৰাই দিবলৈ ৰাজী।"


ইয়াৰ পিছত তেওঁ লিখিছে যে ৰাহুল গান্ধীক বহুত আনন্দিত দেখা গৈছে। এই কথাই কৈছে ফটোখনে!
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি