বিয়া মানুহৰ জীৱনৰ আটাইতকৈ ডাঙৰ দিন। এই দিনটোত পিতৃ–মাতৃৰ আশীৰ্বাদ সকলোৱে বিচাৰে। বহুতৰে বিয়াৰ পূৰ্বে পিতৃ বা মাতৃ এই পৃথিৱীৰ পৰা বিদায় লয়। কিন্তু মৃত মানুহক জানো ওভতাই অনা সম্ভৱ! কিন্তু তামিলনাডুত এক অবাক কৰি তুলিব পৰা ঘটনা সংঘটিত হ’ল। তামিলনাডুৰ দীনেশ এছ পি আৰু জনগানন্দিনী ৰামাস্বামীয়ে প্ৰযুক্তিৰ মাধ্যমেৰে এক অভিনৱ বিয়াৰ আয়োজন কৰে ৬ ফেব্ৰুৱাৰীত। মেটাভাৰ্ছৰ মাধ্যমেৰে এই বিয়াৰ আয়োজন কৰা হয়। জোৱাঁই–জীক আশীৰ্বাদ কৰিলে মৃত পিতৃয়েও। যিখন বিয়াক লৈ এতিয়া চলিছে সৰ্বত্ৰ চৰ্চা। পশ্চিমৰ দেশসমূহত মেটাভাৰ্ছত নানা সামাজিক উৎসৱ আয়োজিত হ’লেও ভাৰতত এয়াই প্ৰথম।
কিদৰে সম্ভৱ এয়া? সম্ভৱ প্ৰযুক্তিৰ জৰিয়তে। এই প্ৰযুক্তিয়ে মানুহক বাধা–নিষেধৰ পৰিধি ভাঙি এই বিশেষ দিনটোত প্ৰিয় লোকসকলক চামিল কৰাৰ এক মঞ্চ আনি দিছে। মেটাভাৰ্ছ হ’ল এক ধৰণৰ ভাৰ্ছুৱেল বিশ্ব। অত্যাধুনিক এই প্ৰযুক্তিৰ জৰিয়তে ব্যৱহাৰকাৰীসকলে ভাৰ্ছুৱেল আইডেণ্টিটিৰ জৰিয়তে ডিজিটেল বিশ্বত সোমাই পৰিব পাৰিব। এই ভাৰ্ছুৱেল স্পেচত লোকজনে ঘূৰা–ফুৰা, বন্ধুসকলৰ সৈতে সাক্ষাৎ কৰাৰ সুযোগ পাব। মেটাভাৰ্ছ অগমেণ্টেড ৰিয়েলিটী, ভাৰ্ছুৱেল ৰিয়েলিটী, মেচিন লাৰ্নি, ব্লকচেইন প্ৰযুক্তি আৰু আর্টিফিচিয়েল ইণ্টেলিজেন্সৰ সংমিশ্ৰণ। ইয়াত জড়িত কৰা সম্ভৱ মৃত লোকসকলকো। আৰু এই কামটোৱে কৰিছিল দীনেশে।
ইয়াত ব্যৱহাৰকাৰীসকলৰ প্ৰত্যেকৰে এটাকৈ ‘থ্ৰীডি ভাৰ্ছুৱেল’ ৰূপ থাকিব। সেই ভাৰ্ছুৱেল ৰূপটোৱে বাস্তৱৰ মানুহজনক প্ৰতিনিধিত্ব কৰিব ভাৰ্ছুৱেল জগতত। তাতেই সেই থ্ৰী ডি ৰূপটোৰ মাধ্যমেৰে সংযোগ তৈয়াৰ হ’ব বাস্তৱৰ ব্যৱহাৰকাৰীৰ। তাত তেওঁৰ দৰে আন মানুহো থাকিব। তেওঁলোকৰ সৈতে সেই বিশ্বত সম্পৰ্ক গঢ়ি উঠিব, কথা পাতিব পাৰিব, আড্ডাও হ’ব। কিন্তু সকলোবোৰ ভাৰ্ছুৱেলী। ভাৰ্ছুৱেলী মিলিত হোৱাৰ লগে লগে অতিথিসকলে নিজৰ মাজত কথা–বাৰ্তাও পাতিব পাৰিব। কোনো নাচিব বিচাৰিলে ডান্স ফ্ল’ৰৰ সুযোগ ল’ব পাৰিব। ভাৰ্ছুৱেলী উপহাৰো দিব পাৰি নৱ দম্পতীক।
দীনেশে জনাইছে, ‘মোৰ শহুৰ দেউতাৰ বিগত বৰ্ষৰ এপ্ৰিলত মৃত্যু হয়। সেই মই চেষ্টা কৰিছো এই সুবিধা লোৱাৰ। ইয়াত থ্ৰী ডি অৱতাৰত আমাৰ শহুৰ দেউতাক দেখা যাব। আটাইতকৈ ডাঙৰ কথাটো হ’ল তেওঁ আমাক তাৰ পৰা আশীৰ্বাদো কৰে।’ দীনেশ নিজেও এজন আইটি কৰ্মী। সেয়ে এই ভাৱনা মনলৈ আহে। মেটাভাৰ্ছৰ সহায়ত কোৰোণা কালত যিসকলে বিয়ালৈ আহিব পৰা নাই তেওঁলোকেও অংশগ্ৰহণ কৰিব পাৰিছে। দীনেশৰ এই অভিনৱ চিন্তাই অবাক কৰি তুলিছে বহুতকে।
এই মেটাভাৰ্ছৰ সকলো সুবিধা পাবলৈ অন্তত আৰু ৫ বছৰ অপেক্ষা কৰিব লাগিব বুলি জনাইছে জুকাৰবাৰ্গে। কাৰণ প্ৰযুক্তিৰ বিশ্বৰ মূল ধাৰালৈ মেটাভাৰ্ছ আহিবলৈ সেইখিনি সময় লাগিব। সম্পূৰ্ণৰূপে এই প্ৰযুক্তি হাতলৈ আহিলে সলনি হ’ব সমগ্ৰ দেশ। কেৱল মৃত লোক ঘূৰি অহাই নহয়, বন্ধুৰ সৈতে ভাৰ্ছুৱেল ট্যুৰলৈও যাব পাৰিব।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : February 09, 2022, 17:14 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।