உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • Meta’s Second Edition of Fuel For India Event: মিতাৰ মুখ্য বিজনেচ অফিচাৰ Marne Levineৰ সৈতে আকাশ আৰু ঈশা আম্বানীৰ কথোপকথন

    Meta’s Second Edition of Fuel For India Event: মিতাৰ মুখ্য বিজনেচ অফিচাৰ Marne Levineৰ সৈতে আকাশ আৰু ঈশা আম্বানীৰ কথোপকথন

    Meta’s Second Edition of Fuel For India Eventত মিতাৰ মুখ্য বিজনেচ অফিচাৰ Marne Levineৰ সৈতে আলোচনা কৰে ৰিলায়েন্স জিওৰ ডিৰেক্টৰ ঈশা আম্বানী আৰু আকাশ আম্বানীয়ে।

    Meta’s Second Edition of Fuel For India Eventত মিতাৰ মুখ্য বিজনেচ অফিচাৰ Marne Levineৰ সৈতে আলোচনা কৰে ৰিলায়েন্স জিওৰ ডিৰেক্টৰ ঈশা আম্বানী আৰু আকাশ আম্বানীয়ে।

    Meta’s Second Edition of Fuel For India Eventত মিতাৰ মুখ্য বিজনেচ অফিচাৰ Marne Levineৰ সৈতে আলোচনা কৰে ৰিলায়েন্স জিওৰ ডিৰেক্টৰ ঈশা আম্বানী আৰু আকাশ আম্বানীয়ে।

    • Share this:
    'ভাৰতৰ অৰ্থনীতিৰ ৰাজহাড় ক্ষুদ্ৰ ব্যৱসায়ীসকল।' Meta’s Second Edition of Fuel For India Eventত মিতাৰ মুখ্য বিজনেচ অফিচাৰ Marne Levineৰ সৈতে আলোচনত ভাগ লৈ এই মন্তব্য কৰে ৰিলায়েন্স জিওৰ ডিৰেক্টৰ ঈশা আম্বানীয়ে। আনহাতে আকাশ আম্বানীয়ে কয় যে, জিও মাৰ্টৰ জৰিয়তে চাপমুক্ত বজাৰৰ ক্ষেত্ৰৰ গ্ৰাহকসকলেই হৈছে প্ৰধান সেনানী।

    সবিশেষ জানকঃ

    মাৰ্নেঃ ভাৰতবৰ্ষৰ বাবে ৰিলায়েন্স জিঅ'ৰ আছে বহুতো অৱদান। তাৰে ভিতৰত,ই লাখ লাখ ভাৰতীয়ৰ বাবে সুলভ ইণ্টাৰনেটৰ সুবিধা উপলব্ধ কৰিছে। আৰু সেয়া সঁচাকৈয়ে বৈপ্লৱিক আন্দোলনৰ দৰে। আমাৰ কোম্পানীয়ে আপোনাৰ সৈতে একেলগে একেলগে কাম কৰিবলৈ এতিয়া আগ্ৰহী হৈ আছো। কিয়নো আমি দুয়ো ক্ষুদ্ৰ ব্যৱসায় আৰু উদ্যোগীসকলক শক্তিশালী কৰাৰ এক দৃষ্টিভংগীৰে আগবাঢ়ো।

    ঈশাঃ আমি বিশ্বাস কৰো যে, ক্ষুদ্ৰ ব্যৱসায় হৈছে আমাৰ দেশৰ অৰ্থনৈতিক মেৰুদণ্ড স্বৰূপ। মহামাৰীটোৱে সঁচাকৈয়ে বুজাই দিলে যে, সৰু ব্যৱসায়ী, দোকান, খুচুৰা বিক্ৰেতা আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলে তেওঁলোকৰ প্ৰতিষ্ঠানসমূহক ডিজিটেল প্লেটফৰ্মলৈ ৰূপান্তৰ কৰাৰ সময় আহি পৰিছে।

    আকাশ: আমাৰ বৰ্তমান আধা নিযুতৰো অধিক ৰিটেইলাৰ আছে আৰু প্ৰতিদিনে বাঢ়ি গৈ আছে। আমি এই ক্ষেত্ৰত অতি স্পষ্টতাৰে কও যে জিঅ'মাৰ্টৰ অতুলনীয় নেটৱৰ্ক - অনলাইন আৰু অফলাইন ৰিটেইল দুয়োটাতে, সুযোগৰ আকাৰৰ বাবে অনুকূলভাৱে ব্যৱহাৰ কৰিব লাগে।

    ঈশা আকাশ আৰু মই ভাবো যে, ইয়াত আমাৰ ব্যক্তিগত গুৰুত্ব আছে, কিয়নো ইয়াৰ অৰ্থ হৈছে যে, আমি জিঅ' আৰু জিঅ'মাৰ্টৰ জৰিয়তে লাখ লাখ ক্ষুদ্ৰ ৰিটেইলাৰক প্ৰথমে ডিজিটেলাইজ হ'বলৈ সক্ষম কৰোৱা বাবে দেউতাৰ দৃষ্টিভংগীৰ ফালে অগ্ৰসৰ হৈছো।

    মাৰ্নে: ই এক অনুপ্ৰেৰণাদায়ক দৃষ্টিভংগী! জিঅ'মাৰ্টে কেৱল ব্যৱসায়ত মূল্য যোগ কৰাই নহয়, লগতে ইয়াত ডিজিটেল আৰ্থ-সামাজিক প্ৰভাৱো আছে।
    Published by:Himangshu Bhuyan
    First published: