হাওৰা দলঙৰ পিলাৰত উঠিল এগৰাকী মহিলা, দিলে জাঁপ দিয়াৰ হুংকাৰ, কিন্তু কিয়?

News18 Assam | News18-Assam
Updated:June 9, 2020, 2:14 PM IST
হাওৰা দলঙৰ পিলাৰত উঠিল এগৰাকী মহিলা, দিলে জাঁপ দিয়াৰ হুংকাৰ, কিন্তু কিয়?
আৰক্ষীৰ প্ৰাথমিক অনুসন্ধানত মহিলাগৰাকীৰ নাম ডলী ঘোষ বুলি জানিব পৰা গৈছে।

আৰক্ষীৰ প্ৰাথমিক অনুসন্ধানত মহিলাগৰাকীৰ নাম ডলী ঘোষ বুলি জানিব পৰা গৈছে।

  • Share this:
দেওবাৰে বিয়লি কলকাতাৰ হাওৰা দলঙত সংঘটিত হ’ল এক চাঞ্চল্যকৰ ঘটনা। কলকাতাৰ পৰা হাওৰাৰ দিশে যোৱা পথত হাওৰা দলঙৰ চাৰি নং পিলাৰত হঠাৎ উঠিল এগৰাকী মহিলা। দলঙৰ পিলাৰত উঠি মহিলাগৰাকীয়ে কৰিলে ইটোৰ পিছত সিটো দাবী। ঘটনাস্থলীত উপস্থিত হ’ল আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী। বহু বুজনিৰ পিছত লাহে লাহে নামি আহিল মহিলাগৰাকী।

আৰক্ষীৰ প্ৰাথমিক অনুসন্ধানত মহিলাগৰাকীৰ নাম ডলী ঘোষ বুলি জানিব পৰা গৈছে। উত্তৰ ২৪ পৰগনাৰ অশোক নগৰৰ কচুৱাৰ বাসিন্দা। কিন্তু কি কাৰণে মহিলাগৰাকীয়ে হাওৰা দলঙৰ পিলাৰত উঠিল?

আৰক্ষীৰ সূত্ৰ মতে, মহিলাগৰাকী মানসিকভাৱে ভাৰসাম্যহীন। প্ৰতি মুহূৰ্ততে কাৰোবাৰ নহয় কাৰোবাৰ ওপৰত অভিযোগ কৰে। কেতিয়াবা অভিযোগ পৰিয়ালৰ ওপৰত, কেতিয়াবা আকৌ প্ৰধানমন্ত্ৰী, কেতিয়াবা অভিযোগ ন’বেল বিজয়ী অৰ্থনীতিবিদ অমৰ্ত্য সেনৰ বিৰুদ্ধে। ন’বেল প্ৰদানকাৰী কমিটীৰ ওপৰতো অভিযোগ মহিলাগৰাকীৰ।

ডলী ঘোষৰ দাবী, তেওঁৰ ন’বেল বঁটা শৈশৱ কালত চুৰি হৈছিল আৰু সেইটো অমৰ্ত্য সেনৰ কব্জাত আছে। যদি তেওঁৰ ন’বেল বঁটা ঘূৰাই নিদিয়ে তেন্তে দলঙৰ পৰা জাঁপ দিব। মহিলাগৰাকীয়ে কয় – তেওঁৰ পুত্ৰক অমৰ্ত্য সেনৰ কাষলৈ পঠিয়াইছিল, কিন্তু ওভতাই দিয়া নাছিল। আনকি ন’বেলৰ বিষয়ে প্ৰধানমন্ত্ৰীয়েও তেওঁৰ আবেদনক সঁহাৰি জনোৱা নাই, অভিযোগ মহিলাগৰাকীৰ।

প্ৰায় ৪৫ মিনিট সময় মহিলাগৰাকীক বুজনি দিয়াৰ পিছত দলঙৰ পৰা নামি আহে মহিলাগৰাকী। তাৰ পিছতে মহিলাগৰাকীক লৈ যোৱা হয় নৰ্থ পোৰ্ট থানালৈ।

First published: June 8, 2020, 2:04 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading