News18 AssamNews18 Assam
|
News18-Assam Updated:January 9, 2021, 12:24 AM IST
সতৰ্কতা-অত্যন্ত নৃশংসতাৰে ভৰা এই ভিডিঅ’।
সতৰ্কতা-অত্যন্ত নৃশংসতাৰে ভৰা এই ভিডিঅ’।
আকৌ এবাৰ সংবাদ শিৰোনাম দখল কৰিছে উত্তৰ প্ৰদেশে। সংঘটিত হৈছে নৃশংস ঘটনা। উত্তৰ প্ৰদেশৰ প্ৰতাপগড়ৰ পৰা ভাইৰেল হৈছে অস্বস্তিকৰ ভিডিঅ’। প্ৰতাপগড় আৰক্ষীয়ে টুইটাৰ যোগে এই ঘটনাৰ কথা স্বীকাৰ কৰিছে। এটা শিহুক এদল উন্মাদ লোকে নৃশংস ভাবে হত্যা কৰিছে। ঘটনাটো সংঘটিত হৈছিল ৩১ ডিচেম্বৰত।
ইতিমধ্যে আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত তিনিওজন অভিযুক্তকে গ্ৰেপ্তাৰ কৰিছে বুলি জনাইছে। গাংগেটিংক শিহু সংৰক্ষিত প্ৰজাতিৰ আওতাত পৰে।
অতি নৃশংস ভাবে হত্যা কৰা হ’ল শিহুটোক। ভিডিঅ’টোত দেখা গৈছে যে, দলটোৰ আক্ৰমণত তেজেৰে লুতুৰি-পুতুৰি হৈ পৰিছিল শিহুটো। আনকি শিহুটোৰ শৰীৰ চিন্ন ভিন্ন কৰি দিয়া হৈছিল। পিছত বন বিভাগৰ লোকে মৃত অৱস্থাত উদ্ধাৰ কৰে দুষ্প্ৰাপ্য শিহুটো।