বিগত ৭০ বছৰত কাশ্মীৰত এনে পৰিস্থিতি কেতিয়াও হোৱা নাই, আতংকিত জনসাধাৰণ : মেহবুবা মুফতি

ৰাজ্যখনৰ ৰাজ্যপাল সত্যপাল মালিকক সাক্ষাৎ কৰি এই পৰিস্থিতিক লৈ স্থিতি স্পষ্ট কৰাৰ আহ্বান জনায়।

News18-Assam
Updated:August 3, 2019, 8:12 AM IST
বিগত ৭০ বছৰত কাশ্মীৰত এনে পৰিস্থিতি কেতিয়াও হোৱা নাই, আতংকিত জনসাধাৰণ : মেহবুবা মুফতি
ৰাজ্যখনৰ ৰাজ্যপাল সত্যপাল মালিকক সাক্ষাৎ কৰি এই পৰিস্থিতিক লৈ স্থিতি স্পষ্ট কৰাৰ আহ্বান জনায়।
News18-Assam
Updated: August 3, 2019, 8:12 AM IST
জম্মু–কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতিয়ে শুকুৰবাৰে এক সংবাদমেলৰ আয়োজন কৰি কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰে। মুফতিয়ে কয় – কাশ্মীৰৰ পৰিস্থিতি অত্যন্ত বেয়া হৈছে। ইয়াৰ মানুহে এতিয়া আতংকত দিন কটাইছে। মই এনেকুৱা পৰিস্থিতি পূৰ্বে কেতিয়াও দেখা নাই। বিগত ৭০ বছৰত জম্মু–কাশ্মীৰত এনেকুৱা পৰিস্থিতি কেতিয়াও হোৱা নাই। এনেকুৱা উৰাবাতৰি বিয়পিছে যে চৰকাৰে 35A আৰু কেইবাটাও ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিব। ৰাজ্যখনৰ ৰাজ্যপাল সত্যপাল মালিকক সাক্ষাৎ কৰি এই পৰিস্থিতিক লৈ স্থিতি স্পষ্ট কৰাৰ আহ্বান জনায়।

মেহবুবা মুফতিয়ে কয় – গৃহ সচিবৰ এডভাইজৰীক লৈ মানুহৰ মাজত সৃষ্টি হৈছে ক্ষোভ। প্ৰধানমন্ত্ৰী মোদীক মই কওঁ যে ইয়াৰ মানুহৰ অধিকাৰ কাঢ়ি নিনিব। জম্মু–কাশ্মীৰৰ মানুহে নিজৰ পৰিচয় ৰক্ষাৰ বাবে বহু বলিদান দিছে। মুফতিয়ে কয় যে চৰকাৰলৈ মোৰ আহ্বান এয়া আমাৰ পৰিচয়ৰ যুঁজ। আমি নিজৰ মাজতে আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰিম।
আৰু চাওক পৰৱৰ্তী বাতৰি