মুখ্যপৃষ্ঠা »খবৰ »দেশ »Meghalaya Assembly Election: কংগ্ৰেছ দলত থকা এনচিপিৰ প্ৰাক্তন বিধায়ক অমিলো কে ছাংমাই যোগ দিলে বিজেপি দলত ...

Meghalaya Assembly Election: কংগ্ৰেছ দলত থকা এনচিপিৰ প্ৰাক্তন বিধায়ক অমিলো কে ছাংমাই যোগ দিলে বিজেপি দলত ...

এন চি পি দলৰ টিকটত ২০০৮ চনৰ মেঘালয় বিধানসভা নিৰ্বাচনৰ খৰখুটা সমষ্টিৰ পৰা জয়লাভ কৰা অমিলো কে ছাংমাই সোমবাৰে কংগ্ৰেছ দল ত্যাগ কৰি বিজেপি দলত যোগদান কৰে।

এন চি পি দলৰ টিকটত ২০০৮ চনৰ মেঘালয় বিধানসভা নিৰ্বাচনৰ খৰখুটা সমষ্টিৰ পৰা জয়লাভ কৰা অমিলো কে ছাংমাই সোমবাৰে কংগ্ৰেছ দল ত্যাগ কৰি বিজেপি দলত যোগদান কৰে।

  • Share this:
মেঘালয় বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত জাতীয় কংগ্ৰেছ দলত আন এক মোক্ষম আঘাত। এন চি পি দলৰ টিকটত ২০০৮ চনৰ মেঘালয় বিধানসভা নিৰ্বাচনৰ খৰখুটা সমষ্টিৰ পৰা জয়লাভ কৰা অমিলো কে ছাংমাই সোমবাৰে কংগ্ৰেছ দল ত্যাগ কৰি বিজেপি দলত যোগদান কৰে।

অসম বিধান সভাৰ উপাধাক্ষ্য নোমল মমিনৰ উপস্থিতিত সোমবাৰে তুৰাৰ বিজেপি কাৰ্যালয়ত গেৰুৱা দলটোত যোগদান কৰে অমিলো কে ছাংমাই। কেৱল তেওঁ যোগদান কৰাই নহয় অমিলোৱে লগত প্ৰায় দুশজন সমৰ্থকক লৈ যোগ দিয়ে কেন্দ্ৰৰ শাসকীয় দলটোত। প্ৰাক্তন বিধায়কগৰাকীৰ যোগদানত উৎফুল্লিত মেঘালয় বিজেপিৰ নেতা কৰ্মী বিশেষকৈ উত্তৰ গাৰো হিলছৰ বিজেপি কৰ্মীসকল। গাৰো হিলছৰ বিজেপি নিৰ্বাচনী পৰ্য্যবেক্ষকৰ দায়িত্বত থকা ডা: নোমল মমিনে মেঘালয়ৰ বিভিন্ন স্থানত বাহৰ পাতি দলৰ হৈ সভা সমিটি আয়োজন কৰিছে। এইবাৰৰ নিৰ্বাচনৰ জৰিয়তে পাহাৰীয়া ৰাজ্যখনত বিজেপিৰ নেতৃত্বত চৰকাৰ গঠন হ'ব বুলি আশাবাদী নেতাগৰাকী। সেয়ে অসমৰ কাৰ্বি পাহাৰৰ বোকাজান সমষ্টিৰ জনপ্ৰতিনিধিগৰাকীয়ে কৈয়েই পেলালে আব কি বাৰ, মেঘালয় মে মোদী চৰকাৰ ।

শেহতীয়া বাতৰি