মুখ্যপৃষ্ঠা »খবৰ »দেশ »জিকি জিকি হাৰিল নেকি বিজেপি ! সৰ্বশক্তি প্ৰয়োগ কৰিও তিনি ৰাজ্যত নাপালে আশা কৰা ধৰণে ফলাফল ...

জিকি জিকি হাৰিল নেকি বিজেপি ! সৰ্বশক্তি প্ৰয়োগ কৰিও তিনি ৰাজ্যত নাপালে আশা কৰা ধৰণে ফলাফল ...

নিৰ্বাচনৰ ফলাফলক লৈ সুখীনে বিজেপি ? তিনি ৰাজ্যত ভোটৰ হাৰ সন্তোষজনক নহ'ল বিজেপিৰ ...

নিৰ্বাচনৰ ফলাফলক লৈ সুখীনে বিজেপি ? তিনি ৰাজ্যত ভোটৰ হাৰ সন্তোষজনক নহ'ল বিজেপিৰ ...

নিৰ্বাচনৰ ফলাফলক লৈ সুখীনে বিজেপি ? তিনি ৰাজ্যত ভোটৰ হাৰ সন্তোষজনক নহ'ল বিজেপিৰ ...

  • Share this:
সৰ্বশক্তি প্ৰয়োগ কৰিও তিনি ৰাজ্যত আশা কৰা ধৰণৰ ফল নাপালে গেৰুৱা দল বিজেপিয়ে ৷ দিল্লীৰ মচনদত থকা দলটোৰ ২০১৮ৰ ফলাফলৰে তুলনা কৰিলে ওলাই পৰে দলটোৰ তিনি ৰাজ্যত সাংগঠনিক দুৰ্বল স্থিতি ৷ যদিওবা তিনিওখন ৰাজ্যৰ শাসনতে থাকিব দলটো, কিন্তু ২০২৪লৈ নতুনকৈ চিন্তা কৰাৰ সময় আহি পৰিছে বিজেপিৰ ৷

কালি ঘোষণা হোৱা তিনি ৰাজ্যৰ বিধানসভাৰ ফলাফলক লৈ স্বাভাৱিকতেই উদ্বিগ্ন দিল্লী ৷ যদিও নিৰ্বাচনী ফলাফলৰ পিছত দলীয় নেতৃত্বই উল্লাস কৰিছে, প্ৰকৃততে উল্লাস কৰিব পৰা ধৰণে ফলাফল হ'লনে দলটোৰ বাবে ?  ত্ৰিপুৰাত দ্বিতীয় বাৰলৈ একক সংখ্যাগৰিষ্ঠতা লাভ কৰি IPFTৰে চৰকাৰ কৰিব বিজেপিয়ে ৷ নাগালেণ্ডত NDPP আৰু মেঘালয়ত NPPৰ সহযোগী হ'ব বিজেপি ৷ ২০১৮ৰ বুৰঞ্জীয়েই পুনৰাবৃত্তি ঘটিল এই তিনিখন ৰাজ্যত ৷ কিন্তু নিৰ্বাচনক অতি গম্ভীৰতাৰে লোৱা বিজেপিৰ কিমান উত্থান হ'ল ? ২০১৮ত বিজেপিয়ে ত্ৰিপুৰাত ৪৩.৫৯% ভোট লাভ কৰিছিল ৷ মেঘালয়ত বিজেপিয়ে পাইছিল ৯.৬% ভোট ৷ নাগালেণ্ডত বিজেপিয়ে ১৫.৩% ভোট লাভ কৰিছিল ৷ ক্ষমতাত থাকি বিজেপিয়ে তিনি ৰাজ্যৰ মেঘালয়ক বাদ দি অভূতপূৰ্ব উন্নয়ণ কৰা বুলি দাবী কৰি আহিছে ৷ ক্ষমতাত আছে সঁচা, কিন্তু তিনি ৰাজ্যৰ ভোটৰ হাৰে প্ৰকৃততে সুখী কৰিছেনে দিল্লীক ? ২০২৩ত ত্ৰিপুৰাত ২০১৮ত পোৱা ৪৩.৫৯% ভোটৰ পৰা কমিল ৩৮.৯৭% লৈ,  মেঘালয়ত ৯.৬%ৰ পৰা হ্ৰাস পালে ৯.৩% লৈ ৷

অৱশ্যে বিজেপিৰ নাক বচালে নাগালেণ্ডেহে ৷ আসন নাবাঢ়িলেও নাগালেণ্ডত গেৰুৱা দলৰ ২০১৮ত পোৱা ভোটৰ হাৰ ১৫.৩%ৰ পৰা ১৮.৮১% লৈ বাঢ়িল ৷ ইয়াৰ বিপৰীতে গেৰুৱা দলৰে শাসনৰ ভাগ বতৰা কৰা ২ মিত্ৰদল নাগালেণ্ডত NDPP আৰু মেঘালয়ত NPPৰ ঘটিছে চমকপ্ৰদ উত্থান ৷ উত্তৰ পূবৰ তিনি ৰাজ্যৰ নিৰ্বাচনী ফলাফলক লৈ জনতাক দেখুৱাই গেৰুৱা শিবিৰ উৎফুল্ল হ'লেও ভিতৰি ভিতৰি বাৰুকৈয়ে হৈছে উদ্বিগ্ন ৷ এই তিনি ৰাজ্যৰ নিৰ্বাচন বিজেপিৰ বাবে আছিল ২০২৪ৰ লোকসভা নিৰ্বাচন আৰু কৰ্ণাটক,ৰাজস্থানকে ধৰি আন ছয় ৰাজ্যৰ নিৰ্বাচনৰ বাবে মানসিক প্ৰস্তুতিৰ আধাৰ ৷ এই ফলাফলৰ পিছত দলটোৰ ক'ত কি ভুল হ'ল ,জয় পৰাজয়ৰ সকলো হিচাপ-নিকাচ এতিয়া উত্তৰ পূবৰ নেতৃত্বৰ পৰা বিচাৰিছে দিল্লীয়ে ৷

শেহতীয়া বাতৰি