মেঘালয় উচ্চ ন্যায়লয়ে (Meghalaya High court) এক নাবালিকাৰ বলাৎকাৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। ন্যায়ালয়ে কয় যে কোনো ছোৱালীৰ ওপৰত যৌন নিৰ্যাতন চলোৱাৰ সময়ত অন্তৰ্বাস পিন্ধি থাকক বা নাথাকক সেয়া বলাৎকাৰ হিচাপেই গণ্য কৰা হ’ব আৰু ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ৩৭৫ (বি) (Section 375 (b) of the Indian Penal Code)ৰ অধীনত অপৰাধ গণ্য কৰা হ’ব। ১০ বছৰীয়া এগৰাকী কিশোৰীৰ সৈতে বলাৎকাৰৰ গোচৰৰ শুনানি গ্ৰহণ কৰি এই মন্তব্য কৰে হাই ক’ৰ্টে। মেঘালয় উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সঞ্জীব বেনাৰ্জী আৰু ন্যায়াধীশ ডব্লিউ ডিয়েংডোৰ বিচাৰপীঠে এই গোচৰ সন্দৰ্ভত নিম্ন আদালতৰ সেই নিৰ্দেশ বাহাল ৰাখে, য’ত অভিযুক্তক দোষী সাব্যস্ত কৰা হৈছিল।
এই ঘটনাটো ২০০৬ চনৰ ২৩ ছেপ্টেম্বৰত সংঘটিত হৈছিল। ন্যায়াধীশে কয় যে এসপ্তাহ পিছত মেডিকেল পৰীক্ষা কৰাৰ সময়ত নাবালিকাগৰাকীৰ গোপন অংগত যন্ত্ৰণা হৈছিল। এই কথাটোৰ পৰা স্পষ্ট প্ৰমাণ পোৱা যায় যে নাবালিকাগৰাকীৰ সৈতে যৌন সম্পৰ্ক কৰা হৈছিল। ইয়াত অভিযুক্তৰ এই যুক্তিক গুৰুত্ব দিয়া নহ’ব যে তেওঁ নাবালিকাগৰাকীৰ গোপন অংগৰ পৰা কাপোৰ খোলা নাছিল।
৩১ অক্টোবৰ ২০১৮ত নিম্ন আদালতে অভিযুক্তক ধৰ্ষণৰ গোচৰত দোষী সাব্যস্ত কৰিছিল আৰু তেওঁক ২৫ হাজাৰ টকাৰ জৰিমনা বিহিছিল। অভিযুক্তই নিম্ন আদালতৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। আদালতত অভিযুক্তই যুক্তি দিছিল যে ইয়াক বলাৎকাৰ বুলি ধৰি ল’ব নোৱাৰি কিয়নো ঘটনাৰ সময়ত নাবালিকাগৰাকীৰ অন্তৰ্বাস খোলা হোৱা নাছিল। আদালতে কয় যে ভুক্তভোগীয়ে নিজৰ ভাষ্যত কয় যে সেই সময়ত তেওঁ যন্ত্ৰণা অনুভৱ কৰা নাছিল আৰু ইয়াৰ যিয়েই কাৰণ নহওক, কিন্তু ১ অক্টোবৰ ২০০৬ত মেডিকেল পৰীক্ষাৰ সময়ত নাবালিকাগৰাকীয়ে যন্ত্ৰণা অনুভৱ কৰিছিল। গতিকে অভিযুক্তৰ বিৰুদ্ধে অভিযোগ প্ৰমাণিত কৰাৰ বাবে পৰ্যাপ্ত যুক্তি আছে।
ন্যায়ালয়ে কয়, ভুক্তভোগী এগৰাকী নাবালিকা আৰু অভিযুক্তয়ো এই কথা স্বীকাৰ কৰিছে যে ঘটনাৰ দিনা তেওঁ নিজৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব পৰা নাছিল আৰু ভাৱনাত উটি গৈছিল, সেইবাবে অভিযুক্তক শাস্তিৰ পৰা মুক্ত কৰিব পৰা নাযায়। আদালতে কয় যে মহিলাৰ গোপনাংগত যিকোনো পৰ্যায়লৈ স্পৰ্শ কৰিলে সেয়া আইপিচিৰ ৩৭৫ (বি)ৰ অধীনত বলাৎকাৰৰ সমান হ’ব। লাগিলে সেই সময়ত ভুক্তভোগীয়ে যন্ত্ৰণা অনুভৱ কৰক বা নকৰক।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|