ৰাজধানী দিল্লীত মেঘালয়ৰ কিশোৰীক দলবদ্ধ বলাৎকাৰ!

আৰক্ষীয়ে ইতিমধ্যে POCSO আইনৰ অধীনত এক গোচৰ ৰুজু কৰিছে আৰু দুটা বলাৎকাৰীক গ্ৰেপ্তাৰ কৰিছে।

News18-Assam
Updated:August 9, 2019, 12:35 PM IST
ৰাজধানী দিল্লীত মেঘালয়ৰ কিশোৰীক দলবদ্ধ বলাৎকাৰ!
আৰক্ষীয়ে ইতিমধ্যে POCSO আইনৰ অধীনত এক গোচৰ ৰুজু কৰিছে আৰু দুটা বলাৎকাৰীক গ্ৰেপ্তাৰ কৰিছে।
News18-Assam
Updated: August 9, 2019, 12:35 PM IST
দিল্লীৰ সমীপৰ গুৰুগ্ৰামত পুনৰ উত্তৰ–পূবৰ এগৰাকী কিশোৰীক দলবদ্ধ বলাৎকাৰ। মেঘালয়ৰ এগৰাকী ১৪ বছৰীয়া কিশোৰীক দিল্লী ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰ (NCR)ত পাঁচ দিন ধৰি চাৰি দুৰ্বৃত্তই দলবদ্ধ বলাৎকাৰ কৰাৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে।

গুৰুগ্ৰামৰ এখন হাস্পতালত কৰ্মৰত দুজন লোকে চাকৰিৰ প্ৰলোভন দি কিশোৰীগৰাকীক গুৰুগ্ৰামলৈ লৈ আহিছিল। এই লোক দুজনে কিশোৰীগৰাকীক আন চাৰিজন লোকৰ ওচৰলৈ লৈ যায় আৰু এই জঘন্য কাণ্ড সংঘটিত কৰে।

হিন্দী আৰু ইংৰাজী ক’ব নোৱাৰা ভুক্তভোগী কিশোৰীগৰাকীয়ে পূৰ্বৰ চিনাকি আন এগৰাকী মেঘালয়ৰ যুৱতীৰ কাষ চাপে। যুৱতীগৰাকীয়ে দিল্লীস্থিত মেঘালয় হাউছৰ সহায় বিচাৰে। মেঘালয়ৰ হাউছ কৰ্তৃপক্ষই গুৰুগ্ৰাম আৰক্ষীক অৱগত কৰে বিষয়টো।

গুৰুগ্ৰামৰ আৰক্ষী আয়ুক্ত মহম্মদ অকিলে জনোৱা মতে, আৰক্ষীয়ে ইতিমধ্যে POCSO আইনৰ অধীনত এক গোচৰ ৰুজু কৰিছে আৰু দুটা বলাৎকাৰীক গ্ৰেপ্তাৰ কৰিছে। আন দুই বলাৎকাৰী আৰু ভুক্তভোগীক লৈ অহা দুৰ্বৃত্ত দুটা এতিয়াও পলাতক হৈ আছে।
আৰু চাওক পৰৱৰ্তী বাতৰি