অসমক CAAৰ আওতাৰ পৰা বাহিৰত ৰখাৰ দাবী মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ, কি ক’লে কনৰাড চাংমাই?

Sanjay Kumar Das | News18-Assam
Updated:January 12, 2020, 10:49 AM IST
অসমক CAAৰ আওতাৰ পৰা বাহিৰত ৰখাৰ দাবী মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ, কি ক’লে কনৰাড চাংমাই?
‘নাগালেণ্ড, মণিপুৰ, অৰুণাচলক এই আইনৰ প্ৰভাৱৰ পৰা বাহিৰত ৰখা হৈছে, কিন্তু অসমক ৰখা হোৱা নাই। আমি অসমকো এই আইনৰ আওতাৰ পৰা বাহিৰত ৰখাৰ বাবে দাবী জনাইছো।’

‘নাগালেণ্ড, মণিপুৰ, অৰুণাচলক এই আইনৰ প্ৰভাৱৰ পৰা বাহিৰত ৰখা হৈছে, কিন্তু অসমক ৰখা হোৱা নাই। আমি অসমকো এই আইনৰ আওতাৰ পৰা বাহিৰত ৰখাৰ বাবে দাবী জনাইছো।’

  • Share this:
অসম তথা উত্তৰ–পূবৰ জনতাৰ তীব্ৰ প্ৰতিবাদ আন্দোলনৰ মাজতে বিজেপি চৰকাৰে দেশত বলৱৎ কৰিলে নাগৰিকত্ব সংশোধনী আইন। ৰাইজৰ প্ৰতিবাদৰ বিপৰীতে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালসহ বিজেপিৰ সকলো নেতা–মন্ত্ৰীয়ে বিতৰ্কিত আইনখনৰ সপক্ষে যুক্তি দাঙি ধৰি আহিছে। কিন্তু আইনখন বাতিলৰ বাবে বৰ্তমানো অসমত অব্যাহত আছে আন্দোলন–প্ৰতিবাদ।

ইয়াৰ মাজতে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই বিৰোধিতা কৰিলে এই আইনখনৰ। অসমক এই আইনখনৰ আওতাৰ পৰা বাহিৰত ৰখাৰ দাবী জনায় মেঘালয়ৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।

এখন সভাত কনৰাড চাংমাই কয় – ‘মই মণিপুৰ তথা মেঘালয়ৰ বৃহৎ অংশ এই আইনৰ বাহিৰত ৰখাৰ বাবে ভাৰত চৰকাৰক ধন্যবাদ জনাইছো। কিন্তু সমগ্ৰ মেঘালয়ক এই আইনৰ আওতাৰ পৰা বাহিৰত ৰখাৰ বাবে আমি দাবী জনাইছো।’

‘নাগালেণ্ড, মণিপুৰ, অৰুণাচলক এই আইনৰ প্ৰভাৱৰ পৰা বাহিৰত ৰখা হৈছে, কিন্তু অসমক ৰখা হোৱা নাই। আমি অসমকো এই আইনৰ আওতাৰ পৰা বাহিৰত ৰখাৰ বাবে দাবী জনাইছো। লগতে যদি সম্ভৱ হয়, অসমৰ জনসাধাৰণক বিশেষ সুৰক্ষাও দিয়া উচিত। আমি মেঘালয়ত ILP প্ৰৱৰ্তনৰ বাবে ভাৰত চৰকাৰক দাবী জনাইছো। আমি অনুভৱ কৰো যে অসমকে ধৰি সমগ্ৰ উত্তৰ–পূবৰ জনতাক একে সুৰক্ষা দিব লাগে।’ – মন্তব্য কনৰাড চাংমাৰ।


NEWS18 অসম ত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি