মেঘালয়ত পতিতালয় চলোৱাৰ অভিযোগত অভিযুক্ত বিজেপি নেতা বাৰ্নাৰ্ড এন মাৰাকক উত্তৰ প্ৰদেশত গ্ৰেপ্তাৰ। মেঘালয় বিজেপিৰ উপ সভাপতিৰ দায়িত্বত থকা বাৰ্নাৰ্ড এন মাৰকক উত্তৰ প্ৰদেশৰ হাপুৰ জিলাৰ পৰা গ্ৰেপ্তাৰ কৰিছে উত্তৰ প্ৰদেশ আৰক্ষীয়ে। ইতিমধ্যে মাৰকক ঘূৰাই আনিবলৈ ইউ পিলৈ ৰাওনা হৈছে মেঘালয় আৰক্ষী (Bernard N Marak Arrested)।
উল্লেখ্য, মেঘালয় আৰক্ষীয়ে মাৰাকক গ্ৰেপ্তাৰৰ বাবে এক লুককাউট জাননী জাৰি কৰিছিল। সোমবাৰে মেঘালয়ৰ আদালতে তেওঁৰ বিৰুদ্ধে জামিনবিহীন ৱাৰেণ্ট জাৰি কৰিছিল। আই পি চিৰ POCSOকে ধৰি কেইবাটাও ধাৰাত গ্ৰেপ্তাৰ কৰা হৈছে মাৰকক।
মেঘালয়ৰ তুৰাত থকা নেতাগৰাকীৰ ফাৰ্ম হাউছত শনিবাৰে আৰক্ষীয়ে অভিযান চলাই ৬জন নাবালকক উদ্ধাৰ কৰাৰ লগতে ৪৭জন যুৱক আৰু ২৬গৰাকী মহিলাক আটক কৰা হৈছিল।
ইয়াৰ পিছৰ পৰা পলাতক হৈ আছিল মাৰাক। আৰক্ষীয়ে দাবী কৰিছিল যে সেই ঠাইৰ পৰা এটা পতিতালয় চলোৱা হৈছে। ৰাজ্যিক আৰক্ষী অধীক্ষক এল আৰ বিষ্ণৈই জনোৱা মতে, আৰক্ষীয়ে বিপুল পৰিমাণৰ সুৰা, প্ৰায় ৫০০ পেকেট গৰ্ভনিৰোধক, মোবাইল ফোন আৰু অপৰাধমূলক নথি-পত্ৰ উদ্ধাৰ কৰিছিল অভিযানত।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|