নগা চুক্তি! এক চুক্তি, এক পৰিয়ালৰ সংকল্পৰে মুখ্যমন্ত্ৰী ৰিঅ'ৰ আহ্বানত অনুষ্ঠিত সভাত ৭টাকৈ প্ৰস্তাৱ

News18 Assam | News18-Assam
Updated:October 16, 2020, 9:15 AM IST
নগা চুক্তি! এক চুক্তি, এক পৰিয়ালৰ সংকল্পৰে মুখ্যমন্ত্ৰী ৰিঅ'ৰ আহ্বানত অনুষ্ঠিত সভাত ৭টাকৈ প্ৰস্তাৱ
বৈঠকত মুঠ সাতটা প্ৰস্তাৱ গ্ৰহণ কৰা হয়৷

বৈঠকত মুঠ সাতটা প্ৰস্তাৱ গ্ৰহণ কৰা হয়৷

  • Share this:
সাতটা প্ৰস্তাৱেৰে বৃহস্পতিবাৰে সমাপ্তি ঘটে নগা চুক্তিক লৈ কহিমাত আয়োজিত বহুচৰ্চিত বৈঠকখনৰ৷ মুখ্যমন্ত্ৰী নেফিঅ' ৰিঅ'ৰ চৰকাৰী বাসভৱনত আয়োজিত সভাত গৰিষ্ঠসংখ্যক নগা চিভিল ছ’চাইটীৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে৷

নগা চুক্তিক লৈ মুখ্যমন্ত্ৰী নেফিঅ' আহ্বানক্ৰমে Joint Legislative Forum (JLF)ৰ উদ্যোগত অনুষ্ঠিত হৈছিল বৈঠকখন৷ এই বৈঠকত নগা সমাজৰ বাবে এখন চুক্তি কৰাৰ প্ৰস্তাৱ, ভাৰত চৰকাৰক ধন্যবাদ জ্ঞাপন, গিৰ্জাৰ নেতৃত্বক ধন্যবাদ জ্ঞাপন, সাতটা বিদ্ৰোহী সংগঠনৰ উমৈহতীয়া মঞ্চ NNPGs আৰু NNPGsক একেলগে বহি চুক্তি কৰাৰ আহ্বান কৰা, পুনৰ নগাভূমিত হিংসাৰ পৰিৱেশ নগঢ়িবলৈ সংকল্প গ্ৰহণ কৰা হয়৷

বৈঠকত মুঠ সাতটা প্ৰস্তাৱ গ্ৰহণ কৰা হয়৷ উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীৰ আহ্বানত আয়োজিত বৈঠকত অসন্তুষ্টি প্ৰকাশ কৰে নাগা হোহোয়ে৷ অসন্তুষ্টি প্ৰকাশ কৰি নাগা হোহোয়ে বৈঠক পৰিত্যাগ কৰে৷

ইপিনে বিগত আগষ্টত JLF ত্যাগ কৰি বিৰোধী NPF–এ গঠন কৰিছিল Political Affairs Mission (PAM)ৰ৷ PAM–এ ইতিমধ্যে NNPGs আৰু NSCN-IMৰ সৈতে সুকীয়া সুকীয়াকৈ আলোচনাত মিলিত হৈছে৷ দুয়োটা ফৈদৰ মাজত থকা মত-বিৰোধক আঁতৰাই ভাৰত চৰকাৰৰ সৈতে সোনকালে এক সন্মানজনক চুক্তি কৰিবলৈ আহ্বান জনাইছে PAM–এ৷

PAMএ নগা চিভিল ছচাইটীৰ সৈতেও আলোচনা কৰিছে৷ এই সন্দৰ্ভত PAM–এ NNPGs আৰু NSCN-IMক একেলগে বহাই আন এক বৈঠকত আয়োজন কৰিব বুলি ইতিমধ্যে ঘোষণা কৰিছে৷ অৱশ্যে PAMৰ প্ৰস্তাৱিত বৈঠকৰ সময় বা দিন এই পৰ্যন্ত ঠিক হোৱা নাই৷
Published by: Sanjay Kumar Das
First published: October 16, 2020, 9:15 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading