ভাৰত–চীনৰ সীমা বিবাদ : আজি চতুৰ্থবাৰলৈ মিলিত হ’ল দুই দেশৰ সেনা বিষয়া

News18 Assam | News18-Assam
Updated:July 14, 2020, 10:06 PM IST
ভাৰত–চীনৰ সীমা বিবাদ : আজি চতুৰ্থবাৰলৈ মিলিত হ’ল দুই দেশৰ সেনা বিষয়া
পূৰ্বৰ দুবাৰেই আলোচনা ১২ ঘণ্টালৈকে চলিছিল।

পূৰ্বৰ দুবাৰেই আলোচনা ১২ ঘণ্টালৈকে চলিছিল।

  • Share this:
লেহৰ XIV Corps Commander Lt General হৰিন্দৰ সিঙৰে আজি লাডাখ সীমান্তত চতুৰ্থবাৰৰ কাৰণে আলোচনাত মিলিত হৈছে চীনৰ শ্বীনজিয়াং সামৰিক জিলাৰ Commander Major General লিও লিন। লাডাখ সীমান্তৰ Line of Actual Controlত দুই দেশৰ সেনা বাহিনীৰ উপস্থিতি হ্ৰাস কৰিবলৈ মিলিত হৈছে সেনা বিষয়া দুজন। ভাৰতীয় সীমাৰ অন্তৰ্গত চুসুলত এই আলোচনা অনুষ্ঠিত হৈছে। পূৰ্বৰ দুবাৰেই আলোচনা ১২ ঘণ্টালৈকে চলিছিল।

ভাৰতীয় সেনাৰ সূত্ৰই জনোৱা মতে, সীমান্তত দুই দেশৰ টহলদাৰী সেনাক পৰ্যায়ক্ৰমে হ্ৰাস কৰাৰ এক পথ প্ৰশস্ত কৰাৰ উদ্দেশ্যেৰে এই আলোচনা অনুষ্ঠিত হৈছে। ভাৰতীয় সেনাই Pangong Tsoৰ Line of Actual Controlৰ ভাৰত ভূমিত চীনা সৈন্যৰ অনধিকাৰ অৱস্থিতিৰ বিষয়টো আজিৰ বৈঠকত উত্থাপন কৰাৰ কথা।
Published by: Sanjay Kumar Das
First published: July 14, 2020, 10:06 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading