ইয়াৰ আগতে ২২ জুনত দ্বিতীয় লানি আলোচনা হৈছিল।
ইয়াৰ আগতে ২২ জুনত দ্বিতীয় লানি আলোচনা হৈছিল।
আজি পুৱাৰ ভাগত অনুষ্ঠিত হয় ভাৰত আৰু চীনৰ মাজত সামৰিক পৰ্যায়ত আলোচনা। লাডাখ সীমান্তৰ ভাৰতীয় ভূখণ্ডৰ অন্তৰ্গত চুসুল নামৰ স্থানত অনুষ্ঠিত হয় এই আলোচনা। দুই দেশৰ মাজত দেখা দিয়া সংঘাত হ্ৰাস কৰাৰ উদ্দেশ্যৰে অনুষ্ঠিত হয় আলোচনা। পূৰ্বতে চীনা ভূমিত অনুষ্ঠিত হৈছিল এই আলোচনা।
দুখন দেশৰ কৰ্পছ কামণ্ডাৰৰ মাজত হোৱা আলোচনাত ভাৰতক প্ৰতিনিধিত্ব কৰে লেফটেনেণ্ট জেনেৰেল হৰিন্দৰ সিঙে। তেওঁ লেহৰ ১৪ কৰ্পছৰ জেনেৰেল অফিচাৰ কামাণ্ডিং। আনহাতে চীনক প্ৰতিনিধিত্ব কৰে মেজৰ জেনেৰেল লিও লিনে। তেওঁ দক্ষিণ শ্বিনজিয়াং সামৰিক জিলাৰ কামাণ্ডাৰ।
ইয়াৰ আগতে ২২ জুনত দ্বিতীয় লানি আলোচনা হৈছিল। এই আলোচনাত দুই পক্ষ এলএচিত স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ দিশত পদক্ষেপ গ্ৰহণ কৰিবলৈ সহমতত উপনীত হৈছিল। আজিৰ আলোচনাৰ কি ফলাফল ওলাল সেই বিষয়ে জানিব পৰা হোৱা নাই।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|