মুখ্যপৃষ্ঠা »খবৰ »দেশ »চন্দ্ৰযান-২ মিছনৰ আঁৰত আছে ২গৰাকী মহিলা, জানো আহক কোন হয় Rocket Woman আৰু Data Queen

চন্দ্ৰযান-২ মিছনৰ আঁৰত আছে ২গৰাকী মহিলা, জানো আহক কোন হয় Rocket Woman আৰু Data Queen

Isro আৰু ভাৰতৰ স্পেছ অনুষ্ঠানৰ ইতিহাসত এয়া প্ৰথমবাৰ হৈছে যে এই গুৰুত্বপূৰ্ণ মিছনৰ আঁৰত মুখ্য ভূমিকাত আছে ২গৰাকী মহিলা। জানো আহক এই বিশেষ মহিলা দুগৰাকী কোন হয় আৰু কি কাৰণত মনত ৰাখিবলগীয়া?

Isro আৰু ভাৰতৰ স্পেছ অনুষ্ঠানৰ ইতিহাসত এয়া প্ৰথমবাৰ হৈছে যে এই গুৰুত্বপূৰ্ণ মিছনৰ আঁৰত মুখ্য ভূমিকাত আছে ২গৰাকী মহিলা। জানো আহক এই বিশেষ মহিলা দুগৰাকী কোন হয় আৰু কি কাৰণত মনত ৰাখিবলগীয়া?

  • Share this:
    অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাস্থিত সতীশ ধৱন স্পেছ ৰিচাৰ্জ চেণ্টাৰৰ পৰা ১৫ জুলাইৰ পুৱা ২.৫১ বজাত ভাৰতৰ চন্দ্ৰযান-২ মিছন উন্মোচন হ’ব, যিটো Isroৰ বিজ্ঞানীসকলৰ গুৰুত্বপূৰ্ণ মিছন বুলি কোৱা হৈছে। Isro আৰু ভাৰতৰ স্পেছ অনুষ্ঠানৰ ইতিহাসত এয়া প্ৰথমবাৰ হৈছে যে এই গুৰুত্বপূৰ্ণ মিছনৰ আঁৰত মুখ্য ভূমিকাত আছে ২গৰাকী মহিলা। মুথেয়া বনিতা প্ৰজেক্ট ডাইৰেক্টৰৰ ৰূপত আৰু ৰিতু কাৰিধাল মিছন ডাইৰেক্টৰৰ ৰূপত মিছনৰ গুৰুত্বপূৰ্ণ ভূমিকা লৈছে। জানো আহক এই বিশেষ মহিলা দুগৰাকী কোন হয় আৰু কি কাৰণত মনত ৰাখিবলগীয়া?

    এই দুগৰাকী মহিলা বিজ্ঞানীৰ প্ৰতিভা প্ৰকাশ কৰি বিগত দিনত Isroৰ অধ্যক্ষৰ আধাৰত প্ৰকাশ পাইছে যে চন্দ্ৰযান-২ মিছন টীমত ৩০ শতাংশই মহিলা। ভাৰতৰ দ্বিতীয়টো মহত্বপূৰ্ণ চন্দ্ৰমা অভিযানৰ নেতৃত্ব কৰিছে ২গৰাকী মহিলাই আৰু বিশ্বৰ সন্মুখত এই কথা প্ৰকাশ কৰি ইছৰোই গৰ্ব অনুভৱ কৰে। এই দুগৰাকী মহিলা অৰ্থাৎ বনিতা আৰু ৰিতু বিগত ২০ বছৰতকৈ অধিক সময় Isroৰ সৈতে সংযুক্ত হৈ আছে আৰু সেৱা প্ৰদান কৰি আছে।

    ‘শ্ৰেষ্ঠ বিজ্ঞানী’ মুথেয়া বনিতা ডেটা কুইন
    চন্দ্ৰযান-২ মিছনৰ প্ৰজেক্ট ডাইৰেক্টৰ বনিতাই ২০০৬ত সৰ্বশ্ৰেষ্ঠ মহিলা বিজ্ঞানীৰ বঁটা লাভ কৰিছিল। Isroৰ ইতিহাসত যিকোনো প্ৰজেক্টৰ প্ৰধানৰূপে নিৰ্বাচিত প্ৰথমগৰাকী মহিলাই এই গৌৰৱ অৰ্জন কৰিছিল সেই সময়তে। ইয়াৰ পূৰ্বে বনিতা কাৰ্টছেট–১, অছিয়নছেট–২ আৰু মেঘ ট্ৰাপিকছ উপগ্ৰহৰ মিছনৰ জড়িত ডেটা ছিষ্টেমৰ বাবে সহ–নিৰ্দেশকৰূপে আছিল।



    ‘মংগল’ৰ পিছত ‘চন্দ্ৰ’লৈ ৰিতু Rocket Woman
    চন্দ্ৰযান-২ মিছনৰ ডাইৰেক্টৰ হোৱাৰ পূৰ্বে ৰিতু ২০১৩ত ভাৰতৰ মহত্বপূৰ্ণ মংগল মিছনত বিজ্ঞানীৰূপে কাম কৰি আছিল। এই মিছন যথেষ্ট সফল হৈছিল আৰু ভাৰত চতুৰ্থখন দেশ আছিল, যিয়ে মংগল গ্ৰহত উপস্থিত হ’বলৈ সফলতা অৰ্জন কৰিছিল। সেই সময়ত ৰিতুই মংগল মিছনত উপগ্ৰহৰ অপৰেচনৰ ভূমিকা পালন কৰিছিল।




    শেহতীয়া বাতৰি