
এজন ইউনিফৰ্ম পৰিধান কৰা আৰক্ষী বিষয়াই ট্ৰ’লৰ চৰিত্ৰ কিয় লৈছে? প্ৰশ্ন কৰিছে ছচিয়েল মিডিয়াত। ভাইৰেল হৈ পৰা ভিডিঅ’টো ইতিমধ্যে লাখ লাখ লোকে প্ৰত্যক্ষ কৰিছে।
এজন ইউনিফৰ্ম পৰিধান কৰা আৰক্ষী বিষয়াই ট্ৰ’লৰ চৰিত্ৰ কিয় লৈছে? প্ৰশ্ন কৰিছে ছচিয়েল মিডিয়াত। ভাইৰেল হৈ পৰা ভিডিঅ’টো ইতিমধ্যে লাখ লাখ লোকে প্ৰত্যক্ষ কৰিছে।
- News18
- Last Updated :
দেশজুৰি সৰ্বব্যাপি হৈ পৰা ‘কা’ৰ বিৰুদ্ধে প্ৰতিবাদৰ মাজতে শাসকীয় পক্ষৰ ওপৰত বিভিন্নজনে তুলিছে ফেচিবাদী মানসিকতাৰ অভিযোগ। এই বিতৰ্ক অব্যাহত থকাৰ সময়তে ছচিয়েল মিডিয়াত ভাইৰেল হৈছে উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথ চৰকাৰ এজন আৰক্ষী বিষয়াৰ বিতৰ্কিত কাণ্ড। মীৰাটৰ আৰক্ষী অধীক্ষক অখিলেশ নাৰায়ণ সিঙে প্ৰতিবাদকাৰীক বাধা দিবলৈ যাওঁতে ‘পাকিস্তানলৈ গুচি যা’ বুলি চিঞৰাক লৈ জাঙুৰ খাই উঠিছে বিভিন্নজন। এজন ইউনিফৰ্ম পৰিধান কৰা আৰক্ষী বিষয়াই ট্ৰ’লৰ চৰিত্ৰ কিয় লৈছে? প্ৰশ্ন কৰিছে ছচিয়েল মিডিয়াত। ভাইৰেল হৈ পৰা ভিডিঅ’টো ইতিমধ্যে লাখ লাখ লোকে প্ৰত্যক্ষ কৰিছে।
আনহাতে বিতৰ্কিত ভাইৰেল ভিডিঅ’টো সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আৰক্ষী অধীক্ষক অখিলেশ নাৰায়ণ সিঙে কয় যে সেই ঠাইডোখৰত একাংশ যুৱকে ‘পাকিস্তান জিন্দাবাদ’ৰ শ্লোগান দি আছিল। তাৰ পিছতহে তেওঁ সেই মন্তব্য কৰিছিল। সেই গলীটো আৰু যুৱককেইজনক চিনাক্ত কৰি কঠোৰ আইনী ব্যৱস্থা লোৱাৰ কথাও ঘোষণা কৰে যোগীৰ চৰকাৰৰ অধীনস্থ আৰক্ষী বিষয়াজনে।
Published by:Tulika Devi
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|