নিৰ্ভয়া কাণ্ডৰ দোষীক ফাঁচিৰ প্ৰস্তুতি আৰম্ভ, ১৬ ডিচেম্বৰত হ’ব পাৰে ফাঁচি!

News18 Assam | News18-Assam
Updated:December 9, 2019, 11:53 AM IST
নিৰ্ভয়া কাণ্ডৰ দোষীক ফাঁচিৰ প্ৰস্তুতি আৰম্ভ, ১৬ ডিচেম্বৰত হ’ব পাৰে ফাঁচি!
উল্লেখযোগ্য যে নিৰ্ভয়া কাণ্ডৰ ৬ দোষীৰ ভিতৰত এজনৰ কাৰাগাৰত মৃত্যু হৈছে। আনহাতে, এজন নাবালক দোষীয়ে শাস্তিৰ শেষত জে’লৰ পৰা মুক্ত হৈছে।

উল্লেখযোগ্য যে নিৰ্ভয়া কাণ্ডৰ ৬ দোষীৰ ভিতৰত এজনৰ কাৰাগাৰত মৃত্যু হৈছে। আনহাতে, এজন নাবালক দোষীয়ে শাস্তিৰ শেষত জে’লৰ পৰা মুক্ত হৈছে।

  • Share this:
নিৰ্ভয়া কাণ্ডৰ দোষীক ফাঁচি দিয়াৰ প্ৰস্তুতি আৰম্ভ হছে। সূত্ৰ অনুসৰি, ১৬ ডিচেম্বৰত আটাইকেইটা অভিযুক্তক দিয়া হ’ব পাৰে ফাঁচি। যি স্থানত ফাঁচি দিয়া হ’ব, তাত চাফ–চিকুণ কৰাৰ কাম আৰম্ভ হৈছে।

হায়দৰাবাদত এগৰাকী চিকিৎসকক দলবদ্ধ বলাৎকাৰ কৰি হত্যা কৰা ঘটনাৰ দোষীক এনকাউণ্টাৰ কৰি হত্যা কৰাৰ পিছতে তীব্ৰতৰ হৈছে নিৰ্ভয়া কাণ্ডৰ দোষীক ফাঁচি দিয়াৰ দাবী। উল্লেখযোগ্য যে বিনয় শৰ্মা নামৰ দোষীজনে ৰাষ্ট্ৰপতিৰ ওপৰত দাখিল কৰা ক্ষমা আবেদন কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে খাৰিজ কৰাৰ পোষকতা কৰিছে।

উল্লেখযোগ্য যে নিৰ্ভয়া কাণ্ডৰ ৬ দোষীৰ ভিতৰত এজনৰ কাৰাগাৰত মৃত্যু হৈছে। আনহাতে, এজন নাবালক দোষীয়ে শাস্তিৰ শেষত জে’লৰ পৰা মুক্ত হৈছে। বাকী ৪জন অভিযুক্তৰ ক্ষমা আবেদন ৰাষ্ট্ৰপতিৰ ওচৰত বিচাৰাধীন হৈ আছে। আশা কৰা হৈছে গৃহ মন্ত্ৰণালয়ৰ পোষকতাৰ পিছত ৰাষ্ট্ৰপতিয়ে শীঘ্ৰে ক্ষমা আবেদনৰ ওপৰত সিদ্ধান্ত গ্ৰহণ কৰিব।

যদিহে নিৰ্ভয়া কাণ্ডৰ দোষীৰ ফাঁচি হয় তেন্তে মেৰথৰ পৱন জল্লাদক দিয়া হ’ব ইয়াৰ দায়িত্ব। অৱশ্যে এতিয়ালৈ পৱনৰ সৈতে কোনো আনুষ্ঠানিক যোগাযোগ হোৱা নাই।

 NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক
পৰৱৰ্তী বাতৰি