৩ হাজাৰ টকাৰ জৰিমনা বিহিলে আৰক্ষীয়ে, কনিষ্ঠ অভিযন্তাই কাটিলে থানাৰ বিদ্যুৎ সংযোগ

আৰক্ষীয়ে চালান কটা দেখি কনিষ্ঠ অভিযন্তাজনে নিজকে চৰকাৰী কৰ্মচাৰী বুলি পৰিচয় দিয়ে। কিন্তু তাৰ পিছতে আৰক্ষীয়ে ৩ হাজাৰ টকাৰ চালান কাটে।

News18-Assam
Updated:September 20, 2019, 11:13 AM IST
৩ হাজাৰ টকাৰ জৰিমনা বিহিলে আৰক্ষীয়ে, কনিষ্ঠ অভিযন্তাই কাটিলে থানাৰ বিদ্যুৎ সংযোগ
আৰক্ষীয়ে চালান কটা দেখি কনিষ্ঠ অভিযন্তাজনে নিজকে চৰকাৰী কৰ্মচাৰী বুলি পৰিচয় দিয়ে। কিন্তু তাৰ পিছতে আৰক্ষীয়ে ৩ হাজাৰ টকাৰ চালান কাটে।
News18-Assam
Updated: September 20, 2019, 11:13 AM IST
নতুন যান–বাহন আইন অনুসৰি শক্তি বিভাগৰ এজন কনিষ্ঠ অভিযন্তাক ৩ হাজাৰ টকাৰ জৰিমনা বিহি উত্তৰ প্ৰদেশৰ মিৰাটত বিপদত পৰিল আৰক্ষী। বৃহস্পতিবাৰে তেজগঢ়ী চৌহাৰেত হেলমেট পৰিধান নকৰাকৈ স্কুটী লৈ গৈ আছিল সোম প্ৰকাশ গাৰ্গ নামৰ কনিষ্ঠ অভিযন্তাজন। যান–বাহন আৰক্ষীয়ে কনিষ্ঠ অভিযন্তাজনক ৰখাই গাড়ীৰ নথি–পত্ৰ বিচাৰে। কনিষ্ঠ অভিযন্তাজনে ড্ৰাইভিং লাইচেঞ্চ আৰু আৰ চি দেখুৱালে। কিন্তু তেওঁৰ ওচৰত বীমা আৰু পলিউচন চাৰ্টিফিকেট নাছিল। হেলমেটো পৰিধান কৰা নাছিল কনিষ্ঠ অভিযন্তাজনে।

আৰক্ষীয়ে চালান কটা দেখি কনিষ্ঠ অভিযন্তাজনে নিজকে চৰকাৰী কৰ্মচাৰী বুলি পৰিচয় দিয়ে। কিন্তু তাৰ পিছতে আৰক্ষীয়ে ৩ হাজাৰ টকাৰ চালান কাটে। ইয়াতে ক্ষুব্ধ হৈ কনিষ্ঠ অভিযন্তাজনে কাটি দিলে থানা আৰু আৰক্ষী চকীৰ বিদ্যুৎ সংযোগ।

ইয়াৰ পিছতে কনিষ্ঠ অভিযন্তা আৰু যান–বাহন আৰক্ষীৰ হেড কনিষ্টবলৰ মাজত তৰ্কাতৰ্কি হয়। এই ঘটনাৰ ভিডিঅ’ ভাইৰেল হৈছে ছচিয়েল মিডিয়াত। ভিডিঅ’ কনিষ্ঠ অভিযন্তাজনে কৈছে যে আৰক্ষীয়ে কি নিয়ম পালন কৰে। আৰক্ষী চকী আৰু থানাৰ লাখ লাখ টকা বিদ্যুৎ বিল দিবলৈ বাকী আছে। তাৰ পিছতে কনিষ্ঠ অভিযন্তাজনে লাইনমেনক ফোন কৰি মাতি আনে। প্ৰথমে তেজগঢ়ী চকী আৰু পিছত মেডিকেল থানাৰ বিদ্যুৎ সংযোগ কৰ্তন কৰে।


NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক পৰৱৰ্তী বাতৰি