বিজ্ঞাপন
মুখ্যপৃষ্ঠা / খবৰ / দেশ / Medicine Price Hike: আজিৰে পৰা আপুনি অত্যাৱশ্যকীয় ঔষধৰ বাবে ব্যয় কৰিব লাগিব অধিক ধন; চৰকাৰে বৃদ্ধি কৰিছে ৩৮৪ টা অত্যাৱশ্যকীয় ঔষধৰ মূল্য

Medicine Price Hike: আজিৰে পৰা আপুনি অত্যাৱশ্যকীয় ঔষধৰ বাবে ব্যয় কৰিব লাগিব অধিক ধন; চৰকাৰে বৃদ্ধি কৰিছে ৩৮৪ টা অত্যাৱশ্যকীয় ঔষধৰ মূল্য

Medicine Price Hike: আজিৰে পৰা আপুনি অত্যাৱশ্যকীয় ঔষধৰ বাবে ব্যয় কৰিব লাগিব অধিক ধন; চৰকাৰে বৃদ্ধি কৰিছে ৩৮৪ টা অত্যাৱশ্যকীয় ঔষধৰ মূল্য

এতিয়াৰে পৰা মানুহে অত্যাৱশ্যকীয় ঔষধৰ বাবে অধিক ধন ব্যয় কৰিব লগা হ’ব।

News18 Related Video Icon সম্পৰ্কীয় ভিডিঅ'

দেশত আজিৰে পৰা ঔষধৰ মূল্য বৃদ্ধি কাৰ্যকৰী হৈছে। শেহতীয়াকৈ পাইকাৰী মূল্য সূচকৰ তীব্ৰ বৃদ্ধিৰ বাবে ঔষধৰ মূল্য ১২ শতাংশ বৃদ্ধি হয়। এতিয়াৰে পৰা মানুহে অত্যাৱশ্যকীয় ঔষধৰ বাবে অধিক ধন ব্যয় কৰিব লগা হ’ব।

উল্লেখনীয় যে পেইনকিলাৰ, সংক্ৰমণ-প্ৰতিৰোধী ঔষধ, হৃদযন্ত্ৰৰ ঔষধ, এণ্টিবায়টিক আৰু ১০০০ ৰো অধিক ফৰ্মুলেচনকে ধৰি ৩৮৪ টা অত্যাৱশ্যকীয় ঔষধৰ মূল্য বৃদ্ধি হৈছে।

বিজ্ঞাপন

মন কৰিবলগীয়া যে, চৰকাৰে ফাৰ্মাচিউটিকেল কোম্পানীবোৰক বাৰ্ষিক পাইকাৰী মূল্য সূচকৰ (WPI) পৰিৱৰ্তনৰ সৈতে সংগতি ৰাখি ঔষধৰ মূল্য বৃদ্ধি কৰিবলৈ অনুমতি দিছিল। চৰকাৰে বাৰ্ষিক পাইকাৰী মূল্য সূচকৰ (WPI) বাৰ্ষিক পৰিৱৰ্তনৰ ওপৰত ভিত্তি কৰি মূল্য ১২.১২ শতাংশ বৃদ্ধি কৰে। মন কৰিবলগীয়া যে, ফাৰ্মা কোম্পানীবোৰে দীৰ্ঘদিন ধৰি বৰ্ধিত মুদ্ৰাস্ফীতিৰ প্ৰতি লক্ষ্য ৰাখি ঔষধৰ মূল্য বৃদ্ধি কৰিবলৈ চৰকাৰক দাবী কৰি আহিছিল।

স্বাস্থ্য মন্ত্ৰালয়ৰ এজন জ্যেষ্ঠ বিষয়াই কয় যে, বজাৰত যাতে ঔষধৰ কোনো অভাৱ নহয় সেইটো নিশ্চিত কৰিবলৈ এই মূল্য বৃদ্ধি কৰা হৈছে। তেওঁ কৈছিল যে ইয়াৰ দ্বাৰা নিৰ্মাতা আৰু উপভোক্তাসকল পাৰস্পৰিকভাৱে লাভান্বিত হ’ব।

উল্লেখ্য যে, NPPAক প্ৰতি বছৰে ১ এপ্ৰিল বা তাৰ পূৰ্বে বিগত কেলেণ্ডাৰ বৰ্ষৰ বাৰ্ষিক পাইকাৰী মূল্য সূচক অনুসৰি অনুসূচীত ফৰ্মুলেচনৰ সৰ্বাধিক মূল্য সংশোধন কৰাৰ অনুমতি দিয়া হয়। ঔষধৰ মূল্য নিয়ন্ত্ৰণ আদেশ ২০১৩ৰ দফা ১৬ত এটা নিয়ম আছে যাৰ ভিত্তিত, NPPAয়ে প্ৰতি বছৰে ঔষধৰ মূল্য সংশোধন কৰে আৰু নতুন মূল্য ১ এপ্ৰিলৰ পৰা প্ৰযোজ্য হয়।

বিজ্ঞাপন

এইখিনিতে উল্লেখনীয় যে, বিগত বৰ্ষত ৰাষ্ট্ৰীয় ফাৰ্মাচিউটিকেল মূল্য নিৰ্ধাৰণ কৰ্তৃপক্ষই (NPPA) WPIত ১০.৭ শতাংশ পৰিৱৰ্তন ঘোষণা কৰিছিল। প্ৰতি বছৰে কৰ্তৃপক্ষই ঔষধ (মূল্য নিয়ন্ত্ৰণ) আদেশ, ২০১৩ৰ অধীনত WPI পৰিৱৰ্তন ঘোষণা কৰে।

দেশত প্ৰায়েই অত্যাৱশ্যকীয় বস্তুৰ মূল্য বৃদ্ধিয়ে সমস্যাৰ সৃষ্টি কৰাৰ মাজতে ঔষধৰ মূল্য বৃদ্ধিয়ে সাধাৰণ জনতাক বাৰুকৈয়ে প্ৰভাৱিত কৰিব।

অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।
  • First Published :
বিজ্ঞাপন
বিজ্ঞাপন