ভাৰত চৰকাৰে এক ডাঙৰ পদক্ষেপ কৰি ব্লেকলিষ্টেড (Blacklisted) ঘোষণা কৰিছে বাংলাদেশৰ ছয়জন ধৰ্মীয় প্ৰচাৰক (Bangladeshi Nationals)ক। ইয়াৰ লগতে বাংলাদেশী গায়িকা মুনিয়া মুনকো (Muhaimen Un Nahar @ Munia Moon (Singer) ভাৰতত কৰিছে নষিদ্ধ। উল্লেখ্য যে কিছুদিন পূৰ্বে অসমত মুনিয়া মুনৰ গানৰ অনুষ্ঠান আয়োজনক লৈ বিতৰ্ক হৈছিল আৰু অৱশেষত অনুষ্ঠান বাতিল কৰা হৈছিল।
কেন্দ্ৰীয় চৰকাৰৰ বিদেশ মন্ত্ৰালয়ে (MEA) আজি বাংলাদেশৰ ৬জন ধৰ্মীয় প্ৰচাৰক (religious preachers from Bangladesh)কে ধৰি ৭ জনক ব্লেকলিষ্টেড কৰে।
অসম আৰক্ষীৰ পৰা পোৱা খবৰৰ পিছতে ব্লেকলিষ্টেড কৰা হয় আটাইকেইজনক। অসমৰ আনছাৰুল্লাহ বাংলা টিম (Ansarullah Bangla Team (Ansarullah Islam) গোচৰৰ তদন্ত কৰি যুৱক-যুৱতীক উগ্ৰপন্থীকৰণত ধৰ্মীয় প্ৰচাৰকসকল জড়িত থকাটো প্ৰমাণিত হৈছিল।
এই লোকসকলে ট্যুৰিষ্ট ভিছা/মেডিকেল ভিছা (Tourist Visa/Medical Visa) লৈ ভাৰতলৈ আহে, কিন্তু ধৰ্মীয় প্ৰচাৰ আৰু যুৱক-যুৱতীক ৰেডিকেলাইজ কৰা কামত নিজকে নিয়োজিত কৰি আছিল।
অসম আৰক্ষীয়ে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয় আৰু বিদেশ মন্ত্ৰালয়লৈ প্ৰতিবেদন প্ৰেৰণ কৰে। এই প্ৰতিবেদনৰ পিছত এতিয়া MEAই এই সাতজন ধৰ্মীয় প্ৰচাৰকৰ ভিছা ব্লেকলিষ্ট কৰিছে।
তেওঁলোক হৈছে-
১. জাল্লালুদ্দিন উছমানী
২. আহমেদ হোছেইন @ মুফতি হুছেইন
৩. আবু তাহেৰ
৪. মহম্মদ জাকাৰিয়া
৫. খোৱাজা বদৰুদ্দোজা হায়দাৰ
৬. মুহাইমেন উন নাহাৰ @ মুনিয়া মুন (গায়িকা)
৭. হজৰত মৌলানা মুফতি ৰফিকুল
এই আটাইকেইজনৰে ভিছা ব্লেকলিষ্ট (Visas Blacklisted) কৰা হৈছে। চৰকাৰে লগতে এইটোও স্পষ্ট কৰি দিয়ে যে এই আটাইকেইজন ৰেডিকেল কিন্তু কোনো সংগঠনৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত নহয়।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|