হিন্দী মাধ্যমত চিকিৎসা বিজ্ঞান পঢুওৱা হ'ব মধ্যপ্ৰদেশত। আজি দেশত প্ৰথমবাৰৰ বাবে ৰাজ্যখনত হিন্দী ভাষাত MBBS পাঠ্যক্ৰম আৰম্ভ কৰা হয়। দেওবাৰে কেন্দ্ৰীয় গৃহ আৰু সহযোগিতা মন্ত্ৰী অমিত শ্বাহে এই পাঠ্যক্ৰম উন্মোচন কৰে। ভূপালৰ লাল পেৰেড খেলপথাৰত আয়োজিত অনুষ্ঠানত মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান, গৃহমন্ত্ৰী নৰোত্তম মিশ্ৰ তথা আন নেতাসকলৰ উপস্থিতি পাঠ্যক্ৰম মুকলি কৰা হয়।
গৃহমন্ত্ৰীগৰাকীয়ে কয়, ''ভাৰতৰ শিক্ষা খণ্ডৰ বাবে আজিৰ দিনটো অতি গুৰুত্বপূৰ্ণ। ইতিহাসৰ পাতত সোণালী আখৰেৰে খোদিত কৰা হ’ব এই দিনটো। নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ জৰিয়তে প্ৰধানমন্ত্ৰী মোদীয়ে ছাত্ৰ-ছাত্ৰীৰ মাতৃভাষাৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিছে। এয়া এক ঐতিহাসিক সিদ্ধান্ত। মধ্যপ্ৰদেশৰ বিজেপি চৰকাৰে দেশত প্ৰথমে হিন্দী ভাষাত চিকিৎসা শিক্ষা আৰম্ভ কৰি প্ৰধানমন্ত্ৰী মোদীৰ সপোন পূৰণৰ কাম কৰা বুলি গৌৰৱ অনুভৱ কৰিছোঁ।''
শ্বাহে বিশ্বৰ শিক্ষাবিদসকলে মাতৃভাষাৰ শিক্ষাক গুৰুত্ব দিয়াৰ কথা উল্লেখ কৰি ভাৰততো মেডিকেল, ইঞ্জিনিয়াৰিং, মেনেজমেণ্ট আৰু আইন অধ্যয়ন হিন্দীৰ লগতে দেশৰ বিভিন্ন ৰাজ্যৰ মাতৃভাষাত হ’ব বুলি প্ৰকাশ কৰে।
মুখ্যমন্ত্রী শিৱৰাজ সিং চৌহানে কয় যে হিন্দী মাধ্যমত পঢ়া আমাৰ গ্রাম্য অঞ্চলৰ ল’ৰা-ছোৱালীয়ে ইচ্ছা কৰিলেও ডাক্তৰ হ’ব পৰা নাই, কাৰণ ইংৰাজী ভাষা তেওঁলোকৰ সপোন পূৰণৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ বাধা হৈ পৰে৷ এতিয়া হিন্দী মাধ্যমৰ শিশুৱেও মধ্যপ্ৰদেশত চিকিৎসক হ’ব পাৰিব।
উল্লেখ্য, মধ্যপ্ৰদেশ চিকিৎসা শিক্ষা বিভাগৰ জৰিয়তে এমবিবিএছ প্ৰথম বৰ্ষৰ তিনিটা বিষয় এনাটমী, ফিজিঅ’লজি আৰু বায়’-কেমিষ্ট্ৰীৰ হিন্দী অনুবাদ কৰা হৈছে।
অসমত মাতৃভাষাত কেতিয়ালৈ প্ৰস্তুত কৰা হ'ব চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম
অসম চৰকাৰেও শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ অধীনত চিকিৎসা বিজ্ঞানৰ পাঠ্যপুথি অসমীয়াত প্ৰকাশ কৰাৰ কাম সমাপ্ত কৰাৰ দিশত অগ্ৰসৰ হৈছে। চিকিৎসা বিজ্ঞানৰ ইংৰাজী-অসমীয়া ভাষাৰ এখন অভিধানো প্রস্তুত কৰি আছে বিশ্ববিদ্যালয়খনে। বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ডাঃ ধ্ৰুৱজ্যোতি বৰাই কেইবাগৰাকীও অধ্যাপকৰ সৈতে এই দিশত কাম–কাজ আগবঢ়াই নি থকা বুলি জানিবলৈ দি আৰু কেইটামান মাহৰ ভিতৰত এই কাম শেষ কৰাৰ কথা প্ৰকাশ কৰিছিল।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|