নাচি নাচি যান–বাহন নিয়ন্ত্ৰণ কৰিছে ২৩ বছৰীয়া MBAৰ ছাত্ৰীয়ে, চাওক VIDEO

News18-Assam
Updated:November 19, 2019, 6:19 PM IST
নাচি নাচি যান–বাহন নিয়ন্ত্ৰণ কৰিছে ২৩ বছৰীয়া MBAৰ ছাত্ৰীয়ে, চাওক VIDEO
পুনৰ এখন বিশ্ববিদ্যালয়ত এম বি এ অধ্যয়ন কৰি আছে শুভী জৈন নামৰ ছাত্ৰীগৰাকীয়ে।

পুনৰ এখন বিশ্ববিদ্যালয়ত এম বি এ অধ্যয়ন কৰি আছে শুভী জৈন নামৰ ছাত্ৰীগৰাকীয়ে।

  • Share this:
মধ্য প্ৰদেশৰ ইন্দোৰত এগৰাকী ছাত্ৰীয়ে যান–বাহন নিয়ন্ত্ৰণ কৰাৰ ভিডিঅ’ ভাইৰেল হৈছে ছচিয়েল মিডিয়াত। নাচি নাচি বিশেষ ভংগীমাৰে ২৩ বছৰীয়া এম বি এৰ ছাত্ৰীগৰাকীয়ে ৰাজপথত নিয়ন্ত্ৰণ কৰিছে যান–বাহন। তাৰ লগতে বাহন চালকসকলক যান–বাহন আইন মানি চলিবলৈও আহ্বান জনাইছে ছাত্ৰীগৰাকীয়ে। ছচিয়েল মিডিয়াত ভাইৰেল হৈছে এই দৃশ্য। এই কামৰ বাবে আৰক্ষীৰ উচ্চপদস্থ বিষয়ায়ো প্ৰশংসা কৰিছে ছাত্ৰীগৰাকীক।

পুনৰ এখন বিশ্ববিদ্যালয়ত এম বি এ অধ্যয়ন কৰি আছে শুভী জৈন নামৰ ছাত্ৰীগৰাকীয়ে। ছাত্ৰীগৰাকীৰ ঘৰ মধ্য প্ৰদেশৰ সাগৰ জিলাত। ১৫ দিনৰ ইণ্টাৰ্নশ্বিপৰ বাবে ইন্দোৰলৈ আহিছে যুৱতীগৰাকী।

শুভীয়ে কয় – যান–বাহন নিয়ন্ত্ৰণত পূৰ্বে মোৰ কোনো আগ্ৰহ নাছিল। যেতিয়া ইন্দোৰলৈ আহিলো, চহৰৰ যাতায়াত ব্যৱস্থা চম্ভালি থকা যুৱ কৰ্মীসকলক দেখি অনুপ্ৰাণিত হ’লো আৰু এই কামত জড়িত হৈ পৰিলো। মই সুখী যে মানুহে মোৰ কাম ভাল পাইছে।



NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি